/asomiyapratidin/media/media_files/2025/07/28/nnbn-2025-07-28-18-05-47.jpg)
ইউপিপিএল-বিপিএফৰ মাজত পুনৰ মিত্ৰতা গঢ়াৰ আহ্বান এবছুৰ
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমাগত বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদীয় এলেকাত বড়ো ৰাজনৈতিক দল ইউপিপিএল আৰু বিপিএফৰ মাজত মিত্ৰতাত কেন্দ্ৰ কৰি বিশেষ চৰ্চা চলি থকা সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। সোমবাৰে ওদালগুৰিত এক সংবাদমেলত দ্বীপেন বড়োৱে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।
নিখিল বড়ো ছাত্ৰ সন্থাই বিটিআৰৰ শান্তি আৰু একতাৰ পৰিৱেশ সৃষ্টিত দুয়োটা আঞ্চলিক দলৰ মাজত মিত্ৰতা ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছিল ৷ কিন্তু দুই দলৰ নিজস্ব স্থিতিৰ বাৱে স্থবিৰ হৈ পৰে সেই প্ৰচেষ্টা। সাম্প্ৰতিক সময়ত পুনৰ দুয়োটা দলৰ মাজত সৃষ্টি হোৱা বাকযুদ্ধৰ প্ৰতি লক্ষ্য কৰি সংবাদমেল সম্বোধন কৰি পুনৰ মিত্ৰতাৰ আহ্বান জনায়।
দ্বীপেন বড়োৱে সংবাদমেলত সদৰি কৰে যে, ৩৪ টা বছৰীয়া বড়ো আন্দোলনৰ ফলস্বৰূপে সৃষ্টি হোৱা দুটাকৈ বড়ো আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএল একলগ হোৱাতো বিটিআৰবাসী সকলো বড়ো ৰাইজৰ উপৰি আন জনগোষ্ঠীৰ ৰাইজেও আন্তৰিকতাৰে কামনা কৰিছে৷ ক্ষমতা দখলেই বড়ো জাতীয় ৰাজনৈতিক দলৰ লক্ষ্য হোৱা উচিত নহয়৷ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মূলমন্ত্ৰৰ প্ৰতি সন্মান জনাই বড়ো আঞ্চলিক দল দুটাক পুনৰ চিন্তা কৰাৰ আহ্বান এবছুৰ সভাপতিগৰাকীৰ।