/asomiyapratidin/media/media_files/2025/07/14/ccxcxcxc-2025-07-14-20-04-57.jpg)
ডিজিটেল ডেস্কঃ "জীয়াই থাকক আৰু জীয়াই থাকিৰলৈ দিয়ক" - বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এই মূলমন্ত্ৰ আগত লৈ সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ মুছলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এক সমন্বয় সজাগতা সমদল। এই সমন্বয় সজাগতা সমদলত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃত্ব আৰু কেবাশতাধিক লোকে অংশগ্ৰহণ কৰে।
বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ ৰক্ষা কৰাৰ স্বাৰ্থত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে সকলোকে উদ্বুদ্ধ হবলৈ আহ্বান জনায় কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খোৰোমদাও ৱাৰীয়ে। বহু শতাধিক কৰ্মীয়ে অংশ লোৱা সমদলটোৱে প্ৰায় চাৰি কিলোমিটাৰ পথ সমদল কৰি সজাগতা অনাৰ চেষ্টা কৰে।
আনহাতে, পৰ্বতঝোৰাতো মঙ্গলাঝোৰাৰ ৰাজুহুৱা খেলপথাৰৰ পৰা হাউৰী ঝোৰালৈ পাঁচ শতাধিক এবছুৰ কৰ্মীয়ে এক বিশাল পদযাত্ৰা ৰূপায়ন কৰে। সোমবাৰৰ পদযাত্ৰাত এবছুৰ কেন্দ্ৰীয়, জিলা,আঞ্চলিক সমিতিৰ নেতা কৰ্মীৰ লগতে ট্ৰাইবেল সংঘ, বড়ো সমাজ,বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা উপস্থিত থকা পৰিলক্ষিত হয়। জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক,বিশ্বৰ বড়ো একত্ৰিত হওঁক, এবছু জিন্দাবাদ আদি শ্লোগান সম্বলিত প্লে'কাৰ্ড লৈ সজাগতামূলক পদযাত্ৰা উলিয়ায় এবছুয়ে।