বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এবছুৱে অহৰ্নিশে কাম কৰি আছে : দ্বীপেন বড়ো

কোকৰাঝাৰৰ জিলাৰ ছালাকাটিৰ কান্ঠালগুৰীত যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এবছুৰ কোকৰাঝাৰ জিলা অধিবেশনখন দেওবাৰে বৰ্ণিল কাৰ্যসূচীৰে সফল সামৰণি পৰে ।

author-image
Asomiya Pratidin
New Update
বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এবছুৱে অহৰ্নিশে কাম কৰি আছে : দ্বীপেন বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰৰ জিলাৰ ছালাকাটিৰ কান্ঠালগুৰীত যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এবছুৰ কোকৰাঝাৰ জিলা অধিবেশনখন দেওবাৰে বৰ্ণিল কাৰ্যসূচীৰে সফল সামৰণি পৰে । ছালাকাটিৰ জেৰেংগা পথাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৪ সংখ্যক জিলা অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে এক বিশাল মুকলি সভা অনুষ্ঠিত হয় ।

Advertisment

উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এবছুৱে অৰ্হনিশে কাম কৰি আছে বুলি মন্তব্য কৰিছে । বড়ো আন্দোলনৰ দ্বাৰা বড়ো জাতিক প্ৰতিষ্ঠা কৰা হ'ল আৰু এতিয়া বড়োজাতিক অগ্ৰণী জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এবছুৱে গুণগত শিক্ষা, মাতৃভাষা মাধ্যম , ক'লা- সাহিত্য -সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ উপৰিও সমাজৰ পৰা নিচাযুক্ত দ্ৰব্য নাইকীয়া কৰা, বেআইনী কাৰ্যকলাপ নাইকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

এবছুৱে বিগত ৫৫ বছৰে বড়ো জাতিক সঠিক পথৰ সন্ধান দিয়াৰ লগতে সমাজৰ উত্তৰোত্তোৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ।

ইপিনে আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ বাবে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে কৃপেশ দৈমাৰী আৰু সম্পাদক হিচাপে খাম্পা বসুমতাৰী পুণৰাই নিৰ্বাচিত হয়।

আজিৰ মুকলি সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, ৰেওৰেৱা নাৰ্জীহাৰী, বড়ো সাহিত্য সভাৰ জিলা সভাপতি বানেশ্বৰ বসুমতাৰী ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° সুবুং বসুমতাৰী আৰু ট্ৰাইবেল সংঘ, বড়ো সমাজ , ডুব্বা ,আগছু ,চাওতাল ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল সংগঠনৰ শীৰ্ষ নেতৃবৃন্দ উপস্থিত আছিল ।

আৰু পঢ়ক: হিমাচলত কংগ্ৰেছৰ চৰকাৰ, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুখবিন্দৰ সিং সুখুয়ে...

assam kokrajhar