১৪ লাখ জ্যেষ্ঠ নাগৰিকক সামৰি ল’ব সম্প্ৰসাৰিত আয়ুষ্মান আঁচনিয়ে...

সম্প্ৰসাৰিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই ৭০ বছৰ ঊৰ্ধৰ ১৪ লাখ লোকক সামৰি লৈছে। এই জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাইয়ো বন্দনা কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
ayushman

ডিজিটেল ডেস্ক : সম্প্ৰসাৰিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই ৭০ বছৰ ঊৰ্ধৰ ১৪ লাখ লোকক সামৰি লৈছে। এই জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাইয়ো বন্দনা কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে। 

আৰ্থ- সামাজিক অৱস্থা নিৰ্বিশেষে এই লোকসকলক প্ৰদান কৰা সুবিধাৰ কথা লোকসভাত উল্লেখ কৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী প্ৰতাপ ৰাও সিন্ধিয়াই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে এই কাৰ্ডৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলে সাধাৰণ চিকিৎসা, অস্ত্ৰোপচাৰ, অৰ্থ’পেডিক, কাৰ্ডিঅ’ল’জিকে ধৰি ২৭ টা বিশেষজ্ঞৰ চিকিৎসা লাভ কৰিব।

ডাইল’ছিছ, ষ্ট্ৰ’ক, হাইপাৰ টেনছন, আঁঠুৰ চিকিৎসা আদিও সামৰি ল’ব আয়ুষ্মান কাৰ্ডে। এই চিকিৎসাৰ বাবে সমগ্ৰ দেশত ২৯,৮৭০ খন চিকিৎসালয় তালিকাভুক্ত কৰা হৈছে।

Ayushman Arogya Yojana card prime minister