অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিলম্বিত ABMSU ৰ নেতা

অসমীয়া ভাষা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা সন্দৰ্ভত হোৱা প্ৰতিক্ৰিয়াত ABMSUৰ সভাপতি টাইছন হুছেইনে এক প্ৰেছ বিবৃতিৰ জৰিয়তে মাইনুদ্দিন আলীক নিলম্বন কৰাৰ কথা ঘোষণা কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিলম্বিত ABMSU ৰ নেতা

ডিজিটেল ডেস্কঃ অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিজ সংগঠনৰ পৰাই নিলম্বিত হ’বলগীয়া হ’ল মইনুদ্দিন আলী। ABMSU ৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীয়ে প্ৰতিবাদৰ নামত লোকপিয়লত অসমীয়া ভাষাৰ প্ৰসংগ উত্থাপন কৰি অসমীয়াক ব্লেক মেইলিং কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল। 

Advertisment

আলীৰ এনে ধৃষ্টতাৰ পিছতেই ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত আজি তেওঁক সংগঠনটোৰ পৰা নিলম্বন কৰা হৈছে। ABMSUৰ সভাপতি টাইছন হুছেইনে স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মাইনুদ্দিন আলীক নিলম্বন কৰাৰ কথা ঘোষণা কৰা হৈছে। 

প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে ৯ জুলাই, ২০২৫ তাৰিখে কোকৰাঝাৰ জিলা এবিএমছুৰ উদ্যোগত কোকৰাঝাৰত ৰূপায়িত এক প্রতিবাদী কাৰ্যসূচীৰ সময়ত এবিএমছুৰ নীতি-আদর্শ-স্থিতিৰ বিপৰীতে গৈ সম্পূর্ণ অকর্তৃত্বশীলভাৱে সংবাদ মাধ্যমৰ সন্মুখত অসমীয়া ভাষা সন্দর্ভত বিতর্কিত মন্তব্য আগবঢ়োৱাৰ অভিযোগত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীক এবিএমছুৰ পৰা তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।

এবিএমছুৱে জন্মলগ্নৰে পৰা বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত এক অনুঘটক হিচাপে অংশ গ্ৰহণৰ চেষ্টাত ব্ৰতী হৈ আহিছে আৰু এই চেষ্টা আদি-অনাদি কাললৈ অব্যাহত থাকিব। তদুপৰি বিগত সময়ছোৱাত বি.টি.চি. অঞ্চলত অসমীয়া ভাষাৰ মান-মর্যাদা অটুট ৰখাৰ স্বাৰ্থত এবিএমছুৱে ৰাজপথত সংগ্ৰামৰ নেতৃত্ব দিয়াৰ অসংখ্য নজিৰ আছে। তেনেকুৱা ক্ষেত্ৰত এবিএমছুৱে অসমীয়া ভাষাৰ বিৰুদ্ধে অৱস্থান লোৱাৰ কোনো প্রশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে।

 

অসমীয়া ভাষা abmsu