/asomiyapratidin/media/media_files/2025/03/21/p6Aqno103CmYQxQK3AUo.jpg)
ssssssssssf Photograph: (ssssssssssf)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় জনপ্ৰিয় কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাৰ এটা সুমধুৰ গীত। 'বৰ বিহু' শীৰ্ষক এই গীতটিৰ দৃশ্য-শ্ৰৱ্যৰ ভিডিঅ'ও মুকলি কৰা হয় উক্ত অনুষ্ঠানত। জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা কপিল বৰাৰ উন্মোচন কৰা গীতটিৰ মুকলি অনুষ্ঠানত ভালে সংখ্যক লোক উপস্থিত থাকে।
দ্বীপচন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে সদ্যপ্ৰয়াত শিল্পী ড০ লক্ষহীৰা দাসক স্মৰণ কৰা হয়। ইয়াৰ পিছতে কপিল বৰাই মুকলি কৰে এই গীতটি। গীতটি মুকলি কৰি কপিল বৰাই কয় যে, অভিশ্ৰুতি বেজবৰুৱাই সদায়েই প্ৰতিটো কাম অতি নিখুঁতকৈ কৰিবলৈ চেষ্টা কৰে। যাৰ প্ৰতিফলন বৰ বিহু গীতটিতো দেখা গৈছে।
অভিনেতা বৰাই লগতে কয়, সংগীতৰ ভিন্ন ক্ষেত্ৰত বহুগৰাকী বৰোণ্য় সংগীতকাৰৰ সৈতে কাম কৰি অভিশ্ৰুতি বেজবৰুৱাই যি অভিজ্ঞতা অৰ্জন কৰিছে। সেই অভিজ্ঞতাই তেওঁক বহু দূৰ আগুৱাই লৈ যাব। কপিল বৰাই বৰ বিহুত অভিশ্ৰুতি বেজবৰুৱাই কৰা অভিনয়ক লৈ প্ৰশংসা কৰে।
ইফালে এই অনুষ্ঠানতে এই গীতটিৰ সৈতে জড়িত সকলোকে সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অভিশ্ৰুতি বেজবৰুৱাই। তেওঁ কয় যে, যিকোনো কাম এটা কৰিবলৈ মই সদায়েই সময় লওঁ আৰু তাক নিখুঁতকৈ কৰিবলৈ যত্ন কৰো। শিপাৰ পৰা ফালৰি নকটাকৈ সকলোৰে বাবে উপভোগ্য হোৱাকৈ মই প্ৰতিটো কাম কৰিবলৈ যত্ন কৰো। আশাকৰো আন গীতসমূহৰ দৰে এই গীতটোকো ৰাইজে মৰমেৰে আকোৱালি ল'ব।
উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে সন্ধিয়া ৬বজাত অভিশ্ৰুতি বেজবৰুৱাৰ এই বৰ বিহু শীৰ্ষক গীতটো তেওঁৰ ইউটিউব চেনেলত মুক্তি দিয়া হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us