নামতি ক্রীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্রীড়া দিৱস উদযাপন

নামতি ক্রীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্রীড়া দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, আমগুৰি: শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ ৰজাবাৰী গাওঁস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ খেলপথাৰত নামতি ক্রীড়া সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অৰ্জুন বঁটা প্রাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। নামতি ক্রীড়া সন্থাৰ সভাপতি হৰেন কলিতাই পুৱা ৫ বজাত পতাকা উত্তোলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে। ৫.৩০ বজাত অসমৰ বিভিন্ন জিলাৰ ১০৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰা মাৰাথান প্রতিযোগিতাৰ উদ্বোধন কৰে প্ৰবীণ ৰাষ্ট্ৰীয় খেলুৱৈ ৰুদ্ৰ চেতিয়াই।

প্রয়াত দুলেন নেওগ সোৱৰণি মাৰাথান প্রতিযোগিতাত ১ম পুৰস্কাৰ কপিল কুৰ্মী, ২য় পুৰস্কাৰ অনুপজ্যোতি কৰ্মকাৰ আৰু ৩য় পুৰস্কাৰ বিজিত শইকীয়াই লাভ কৰে। দিনৰ ১ বজাত ১৩ বছৰ অনুৰ্ধৰ প্ৰদৰ্শনীমূলক ফুটবল খেল সম্পন্ন অনুষ্ঠিত হয়। ইয়াৰ পিছতে ২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত বৃহত্তৰ নামতি অঞ্চলৰ ৮গৰাকী খেলুৱৈ, ক্রীড়া সংগঠক আৰু প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত ক্রীড়া সংগঠক মুকুট গগৈ, প্রাক্তন খেলুৱৈ কেৰিম আলি, কীর্তিনাথ গগৈ, মইনুদ্দিন - আহমেদ, গণেশ চেতিয়া, গোবিন গগৈ, খেল পৰিচালক মলয় জ্যোতি গগৈ আৰু আন্তঃ ৰাষ্ট্ৰীয় ভাৰ উত্তোলক পপী হাজৰিকাক এখনি চেলেং চাদৰ, এটি স্মাৰক, এখনি মানপত্ৰ আৰু এটি গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, নামতি জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ নৃপেন নেওগ, শিৱসাগৰ জিলা ক্রীড়া সন্থাৰ মৃণাল শইকীয়া, টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, অসম উন্নতি সভা শিৱসাগৰ জিলা সমিতিৰ সভাপতি অসীম দত্ত, ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি কলিতা, বিশিষ্ট সাংবাদিক অচিন্ত্য বৰঠাকুৰৰ লগতে বহু গণ্য মান্য ব্যক্তি।

বিয়লি ৩ বজাত বেতনী চাপৰি ফুটবল প্রশিক্ষণ কেন্দ্র আৰু নামতি ফুটবল প্রশিক্ষণ কেন্দ্ৰৰ মাজত ১৫ বছৰ অনুর্ধ প্ৰদৰ্শনী মূলক ফুটবল খেল সম্পন্ন হয়। পুনৰ ৪ বজাত নামতি ফুটবল প্রশিক্ষণ কেন্দ্ৰৰ ১৭ বছৰ অনুর্ধ খেলুৱৈ সকলৰ মাজত প্ৰদৰ্শনী মূলক ফুটবল খেল অনুষ্ঠিত কৰাৰ অন্তত শতাধিক ক্রীয়া প্রেমী ৰাইজৰ অংশগ্রহণেৰে ৫ বজাত পতাকা সম্বৰণ আৰু বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

নামতি ক্রীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্রীড়া দিৱস উদযাপন
প্ৰয়াত প্ৰতিভাৱান কবি অলকেশ কলিতাৰ জন্মদিন পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in