/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/2jp54sio_iaf-abhinandan-returns-to-india-pti-650_650x400_01_March_19.jpg)
ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দনে ৰচিলে ইতিহাস। লগতে অভিলেখো গঢ়িলে ভাৰতীয় উইং কামাণ্ডাৰগৰাকীয়ে। ২৭ ফেব্ৰুৱাৰীত শত্ৰুৰ হাতৰ পৰা ভাৰতক ৰক্ষা কৰিবলৈ মিগ-২১ বিমানেৰে অত্যাধুনিক এফ-১৬ বিমানৰ সৈতে যুঁজিছিল অভিনন্দন বৰ্থমানে। ভাৰতীয় বায়ু সেনাৰ দলটোৰ অন্যতম সহযোগী আছিল অভিনন্দন।
২৪ খনকৈ এফ-১৬ বিমান লৈ পাকিস্তানে ভাৰতৰ মাটিত আক্ৰমণ কৰিবলৈ অহাৰ তথ্য পোৱাৰ পাছতেই তৎমুহূৰ্ততে উৰা মাৰিছিল অভিনন্দনে। পাকিস্তানৰ বায়ু সেনাক বাধা দিয়াই নহয়, পুৰণিকলীয়া মিগ-২১ বিমানেৰে ধ্বংস কৰি দিছিল এখন পাক বায়ু সেনাৰ এফ-১৬ বিমান।
অভিনন্দনে মিগ-২১ বিমানেৰে সেই ধ্বংস হোৱা বিমানখনক লক্ষ্য কৰি লৈছিল। অতি অত্যাধুনিক পাকিস্তানৰ এপ-১৬ বিমান এখন এনেদৰে মিগ-২১ৰ হাতত ধ্বংস হ'ব পাৰে বুলি কল্পনাই কৰা নাছিল পাক বায়ু সেনাই। এটা ইঞ্জিনযুক্ত চুপাৰছ'নিক মাল্টিৰ'ল ফাইটাৰ এয়াৰক্ৰাফ্ট হ'ল এফ-১৬। এই বিমানখন ইমানেই সুচল যে যিকোনো বতৰতে উৰিব পাৰে। বিমানখনত ১১ টা স্থানত অস্ত্ৰ লুকুৱাই নিব পাৰি। বিশ্বৰ বহু উন্নত দেশে ব্যৱহাৰ কৰে এই শ্ৰেণীৰ বিমান। ২৫ খন দেশৰ বায়ু সেনাই ব্যৱহাৰ কৰে এই বিমানখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/4ea1d5f1-88cb-4b1a-bbf3-6d9035ba8275.jpg)
ইজৰাইলী বায়ু সেনাই ব্যৱহাৰ কৰে এই যুঁজাৰু বিমান। বৰ্তমান পাকিস্তানৰ এনে ৪৬ খন বিমান আছে। পাক বায়ু সেনাৰ বাবে মেৰুদণ্ডস্বৰূপ এই বিমান কেইখন। আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল এই যুদ্ধ বিমান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/cc1bd9e6-8c55-4511-868d-61f4d042f8f7.jpg)
পাকিস্তানৰ এই অত্যাধুনিক বিমানখনক খেদি গৈছিল মিগ-২১এ। যিখনৰ পাইলট আছিল অভিনন্দন। তাৰ পিছত কি হ'ল সকলোৱে গম পায়। এই মিগ-২১ৰে ধ্বংস কৰি পেলাইছিল তেওঁ পাকিস্তানৰ এফ-১৬ বিমানখন। মিগ-২১ বিমানেৰে এফ-১৬ বিমান ধ্বংস কৰা অভিনন্দনেই হ'ল বিশ্বৰ প্ৰথমগৰাকী পাইলট। এয়া কেৱল অভিলেখেই নহয়, ইতিহাসো হৈ ৰ'ব সৰ্বকাললৈ। এই মিগ-২১ বিমানেই আছিল বিশ্বৰ প্ৰথমখন বহুলভাৱে সমাদৃত যুঁজাৰু বিমান। প্ৰায় ৬০ খন দেশে ৭০ বছৰ পূৰ্বৰে পৰাই এই বিমানখন ব্যৱহাৰ কৰি আহিছে। এতিয়াও এই বিমান বায়ু সেনাই ব্যৱহাৰ কৰে। ১৯৬১ চনৰ যুদ্ধতো ভাৰতীয় সেনাই এই মিগ-২১ বিমান ব্যৱহাৰ কৰিছিল। এখন আসন বিশিষ্ট এই বিমানখনে ঘন্টাত ১৩শ কিঃমিঃ বেগত অতিক্ৰম কৰিব পাৰে।
/https://media.assettype.com/asomiyapratidin/import/thumb/msid-68216575,width-300,imgsize-143864,resizemode-4/varthamans-a-mig-21-family-son-flies-it-dad-flew-it.jpg)