/asomiyapratidin/media/media_files/2025/06/08/Z0KB5JfIYGJxRiPCLM53.jpg)
ডিজিটেল ডেস্কঃ আজি ৭টা বছৰ অতিক্ৰম কৰিলে অভি-নীল হত্যাকাণ্ডই। আজিৰ পৰা ৭ বছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল দুই প্ৰতিভাধৰ যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসে।
চন ২০১৮। আজিৰ পৰা ৭ বছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনৰ ৮ জুন তাৰিখেই সংঘটিত হৈছিল ৰাজ্য সমগ্ৰ কঁপাই যোৱা নীল-অভি হত্যাকাণ্ড । নীল-অভি অৰ্থাৎ গুৱাহাটীৰ দুই চফল ডেকা নীলোৎপল দাস আৰু অভিজিৎ নাথে ভাল পাইছিল প্ৰকৃতি । যাৰ বাবে গুৱাহাটীৰ পৰাসেউজীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ কাৰ্বি আংলঙলৈ গৈছিল নীলোৎপল দাস আৰু অভিজিৎ নাথ ।
কিন্তু কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথতেই অন্ধবিশ্বাসৰ বলি মানৱৰূপী এদল দানৱে সোপাধৰাৰ সন্দেহত আগচি ধৰি নিৰ্মমভাৱে আক্ৰমণ আৰম্ভ কৰিছিল নীলোৎপল দাস আৰু অভিজিৎ নাথক । পাষণ্ডৰ দলটোৱে নিৰ্মমভাৱে আক্ৰমণ কৰাৰ সময়তে প্ৰাণভিক্ষা খুজি চিৎকাৰ কৰিছিল গুৱাহাটীৰ যুৱক দুজনে ।
কিন্তু কোনেও যুৱক দুজনৰ কোনো অনুৰোধেই গুৰুত্ব নিদি কেৱল আৰু কেৱল আক্ৰমণ চলাই গৈছিল দলটোৱে । পাষণ্ডৰ দলটোৰ হাতত অৱশেষত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । নিলোৎপল দাস আৰু অভিজিৎ নাথৰ সেই চিৎকাৰ হয়তো আজিও পাহৰিব পৰা নাই অসমবাসীয়ে ।
ঘটনা সংঘটিত হোৱাৰ পিচতেই সেই সময়ৰ ডিফু আৰক্ষীয়ে তিনিগৰাকী নাবালকসহ মুঠ ৪৭ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল । লগতে অতি কম সময়ৰ ভিতৰতেই গোচৰটোৰ অভিযোগনামাও দাখিল কৰিছিল সেই সময়ৰ ডিফু আৰক্ষীয়ে ।
কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা নীল-অভিৰ নৃশংস হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে চলোৱাৰ দাবী উত্থাপিত হৈছিল চৌদিশে । কিন্তু ফাষ্ট ট্ৰেক আদালতৰ বিপৰীতে প্ৰথম অৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ।
কিন্তু গোচৰটোৰ সাক্ষীৰ নিৰাপত্তাৰ স্বাৰ্থত ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত বিচাৰপ্ৰক্ৰিয়া চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত নীল-অভিৰ পৰিয়ালৰ লোকে জনোৱা আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলোৱাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । তাৰ পিচৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হয় গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া ।
ফাষ্ট ট্ৰেক আদালতৰ বিপৰীতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও প্ৰথমৱস্থাত খৰতকীয়াকৈয়ে চলিছিল বিচাৰ প্ৰক্ৰিয়া । কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিলম্ব হ’বলৈ আৰম্ভ কৰে বিচাৰপ্ৰক্ৰিয়া । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত প্ৰথমাৱস্থাত পূৰ্ণগতিত আৰম্ভ হোৱা বিচাৰপ্ৰক্ৰিয়া পৰৱৰ্তী সময়ত লেহেমীয়া হোৱাত কিছু আক্ষেপ থাকি গ'ল নীল-অভিৰ দুৰ্ভগীয়া পৰিয়ালৰ ।