নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কৰিমৰ বিয়োগ...

২০০১ চনত নগাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল অধ্যাপক কৰিমে

author-image
Asomiya Pratidin
New Update
নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কৰিমৰ বিয়োগ...

অধ্যাপক আব্দুল কৰিম

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কৰিম(৮১)ৰ দেওবাৰে দুপৰীয়া ১২:৫৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। পৰিয়ালৰ লোকে জানোৱা অনুসৰি অধ্যাপকগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শাৰীৰিকভাৱে অসুস্থ হৈ আছিল। অধ্যাপকগৰাকীৰ শনিবাৰে হঠাৎ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত ততাতৈয়াকৈ পৰিয়ালৰ লোকে গুৱাহাটীৰ এস্কেল কেয়াৰ হস্পিতালত ভৰ্তি কৰোৱাই।

Advertisment

উল্লেখ্য যে,অধ্যাপক কৰিমে ২০০১ চনত নগাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু গুণমুগ্ধ‌ই নগাঁও চহৰৰ আমিনপট্টি ড০ আনচাৰী পথস্থিত বাসগৃহত ভিৰ কৰে।অধ্যাপক কৰিমৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত তেওঁৰ জন্মস্থান জুৰীয়াৰ কদমনি টাউন অঞ্চলতো শোকৰ ছাঁ পৰে।

মৃত্যুৰ সময়ত অধ্যাপকগৰাকীয়ে পত্নী সহ দুগৰাকী পুত্ৰ-কন্যা সন্তান আৰু বহু নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, সংখ্যালঘু সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক, চৰ-চাপৰি সাহিত্য পৰিষদৰ নগাঁও জিলাৰ সমিতিৰ সভাপতি ফজলুল হক মৰল, চি চি এম অ'ৰ সভাপতি আব্দুল আব্দুল মজিদকে ধৰি বিভিন্ন ব্যক্তি ,সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আৰু পঢ়কঃ নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২ ত গল্ফত অসমৰ সাফল্য...

nagaon nagaon college assam