১২ জুনৰ পৰা সন্ধান নাই চতিয়াৰ আব্দুল আজিজৰ

বিগত ১২ জুনৰ পৰা বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিয়ালবৰ্গ।  ইটাখোলা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

author-image
Asomiya Pratidin
New Update
১২ জুনৰ পৰা সন্ধান নাই চতিয়াৰ আব্দুল আজিজৰ

১২ জুনৰ পৰা সন্ধান নাই চতিয়াৰ আব্দুল আজিজৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাৰ এজন যুৱক বহিৰাজ্যত সন্ধানহীন হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ৷ চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডোঙাৰ সদাইবৰা গাঁৱৰ কাজিৰ আলিৰ পুত্ৰ আব্দুল আজিজ ( ১৯) নামৰ যুৱকজন বহিৰাজ্য তামিলনাডুৰ এক কোম্পানীত কৰ্মৰত আছিল৷ বিগত ৮ জুনত যুৱকজনে তামিলনাডুৰ পৰা নিজ গৃহলৈ বুলি ৰে'ল যোগে আহি থকা অৱস্থাত ৰে'লৰ ভিতৰত তেওঁৰ ম'বাইল ফোনকে ধৰি সকলো সামগ্ৰী চুৰি হয়৷ 

Advertisment

এই সন্দৰ্ভত দুৰ্ভগীয়া যুৱকজনে হাওৰা ৰে'ল ষ্টে'চনৰ পৰা এজন দোকানীৰ ফোনৰ জৰিয়তে পৰিয়ালৰ লোকক জনাইছিল৷ পৰিয়ালে সেইবাবেই ততাতৈয়াকৈ তেওঁক উক্ত ফোন নম্বৰৰ জৰিয়তেই প্ৰয়োজনীয় ধন পঠিয়াই দিছিল৷ কিন্তু ইয়াৰ পিছৰ পৰাই পৰিয়ালৰ লোকৰ সৈতে আব্দুল আজিজৰ কোনো ধৰণৰ যোগাযোগ স্থাপন হোৱা নাই বুলি পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ 

বিগত ১২ জুনৰ পৰা বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিয়ালবৰ্গ।  ইটাখোলা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ কোনো লোকে যুৱকজনৰ সম্ভেদ পালে 8638739771 অথবা 8838890152 নম্বৰত ফোন কৰি জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷  

চতিয়া আৰক্ষী চতিয়া