ৰঙাপৰাৰ মইনাজুলি চাহ বাগিচাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ অন্তৰ্গত মইনাজুলি শাখা চাহ বাগিচাৰ কাৰ্যালয়ত সন্মুখত সংঘৰ সদস্য-সদস্যা সকলে হাতে হাতে ৰঙা পতাকা আৰু বেনাৰ লৈ বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

author-image
Asomiya Pratidin
New Update
ghghg

ডিজিটেল সংবাদ,ৰঙাপৰা: চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৰঙাপৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ অন্তৰ্গত মইনাজুলি শাখা চাহ বাগিচাৰ কাৰ্যালয়ত সন্মুখত সংঘৰ সদস্য-সদস্যা সকলে হাতে হাতে ৰঙা পতাকা আৰু বেনাৰ লৈ বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment

প্ৰতিবাদকাৰী ক্ষুব্ধ  শ্ৰমিক ৰাইজে চাহ শ্ৰমিকক সময়ত খৰি যোগান ধৰক, জৰাজীৰ্ণ আৱাস গৃহ অতি শীঘ্ৰেই মেৰামতি কৰক, তিৰ্পালৰ পৰিৱৰ্তে টিনপাতেৰে ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰক, চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক, ভৱিষ্যৎ নিধিৰ ধন মোকালাই দিয়ক, মূল্যবৃদ্ধিৰ সময়ত নিৰিখ বৃদ্ধি বন্ধ কৰক, খোৱা পানী যোগান ধৰক আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

খাটি খোৱা চাহ শ্ৰমিকৰ সমস্যা সমূহৰ যদি মালিকপক্ষই সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে পুনৰ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি সকীয়াই দিয়ে। ইফালে মইনাজুলি চাহ বাগিচাৰ বিভিন্ন সমস্যাৰ দাবীত চি পি আই (এম) আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিও সমস্যা সমূহ সমাধান নোহোৱাৰ অভিযোগ তোলে চাহ শ্ৰমিক ৰাইজে।

ৰঙাপৰা