/asomiyapratidin/media/media_files/2024/11/30/PNjvje5vNkYRUPDPYHPa.jpg)
ডিজিটেল সংবাদ, ওৰাং : পথত পৰিত্যক্ত ড্রামে বিপদ কঢ়িয়াইছে ৰৌতাৰ মৰাধনশ্রীত। মৰাধনশ্ৰীৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰিত্যক্ত খালী ড্রাম এতিয়া পথচাৰীৰ বাবে হৈ পৰিছে বিপদঘন্টা।
উল্লেখ্য যে এবছৰ পূর্বে আৰক্ষী প্রশাসনৰ তালাচী বহিছিল সেই স্থানত। যাৰ বাবে আৰক্ষীয়ে তাত বহুৱাইছিল খালী ড্ৰামবোৰ। কিন্তু এতিয়া সেই খালী ড্রামবোৰ আজিকোপতি এনেদৰে পৰি ৰোৱাত অঞ্চলটোত প্রায়ে সংঘটিত হৈছে দুৰ্ঘটনাৰ।
তীব্ৰবেগেৰে অহা গাড়ীয়ে প্রায়েই নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰে পৰিত্যক্ত ড্ৰামত। শুকুৰবাৰে সেই পৰিত্যক্ত ড্ৰামত নিশা খুন্দা মাৰিয়েই আহত হৈছিল এগৰাকী বাইক আৰোহী। যাৰ বাবে বছৰপূর্বে আৰক্ষীয়ে তালাচীৰ সময়ত ব্যৱহাৰ কৰা পৰিত্যক্ত ড্ৰামকেইটা সেই স্থানৰ পৰা উঠাই লৈ যোৱাৰ আহ্বান জনাইছে স্থানীয় লোকে। অন্যথা সেই পৰিত্যক্ত ড্ৰামত নিশা খুন্দা খাই বহু দুর্ঘটনা অনাগত দিনত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজৰ৷