নগাঁৱত আবাহনে মঞ্চস্থ কৰিব নোৱাৰিব বিকৃত 'লভিতা': নাট্য সন্মিলনে দিব বাধা...

nagaon
nagaon

ডিজিটেল সংবাদ নগাঁও: আবাহন থিয়েটাৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ "লভিতা" নাটকখনি বিকৃত ৰূপত প্ৰদৰ্শন কৰাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বুধবাৰে নগাঁও সাহিত্যসভা ভৱনত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, অভিনেতা, নাট্যকৰ্মী আদিয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি "লভিতা" নাটক বিকৃত ৰূপত প্ৰদৰ্শন কৰাৰ বাবে আবাহন কৰ্তৃপক্ষ আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যক গৰিহণা দিয়াৰ লগতে ধিক্কাৰ দিয়ে।

সংবাদ মেল সম্বোধন কৰি বিশিষ্ট নাট পৰিচালক সপোনটি বৰদলৈয়ে কয় যে, আবাহন থিয়েটাৰে "লভিতা" নাটক বিকৃত ৰূপত প্ৰদৰ্শন কৰি জ্যোতি প্ৰসাদ আগৰৱালাক অপমান কৰাৰ লগতে অসমৰ স্বাভিমানত আঘাট হানিছে। নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নাটকখনক বিকৃত কৰাৰ বাবে আমি ধিক্কাৰ দিছো আৰু নাটকখন বিকৃত ৰূপত প্ৰদৰ্শন নকৰিবলৈ আবাহন থিয়েটাৰ কৰ্তৃপক্ষক দাবী জনাইছো ৷

লগতে বিকৃত ৰূপত প্ৰদৰ্শন কৰা লভিতাৰ প্ৰদৰ্শন বৰ্জন কৰিবলৈ অসমবাসী ৰাইজক আহবান জনাইছে। সংবাদ মেলত অংশগ্ৰহণ কৰি অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰ মোহন বৰুৱাই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ফনী শৰ্মাৰ দৰে বৰেণ্য ব্যক্তিৰ সৃষ্টি ৰাজিক বিকৃত নকৰিবলৈ অভিজিত ভট্টাচাৰ্যক সতৰ্ক কৰি দিয়ে।

বৰুৱাই লগতে কয় যে, নগাঁৱত বিতৰ্কিত ৰূপত লভিতা নাটক মঞ্চস্থ কৰিবলৈ দিয়া নহ'ব। তদুপৰি নাম সলনি কৰি মঞ্চস্থ কৰিব বিচাৰিলেও মঞ্চস্থ কৰিবলৈ দিয়া নহ'ব। নগঞা ৰাইজৰ আহবানক আওকাণ কৰি কোনো আয়োজক সমিতিয়ে নগাঁৱত আবাহন থিয়েটাৰক মাতি আনি বিতৰ্কিত ৰূপত লভিতা নাটক মঞ্চস্থ কৰিলে, হ'ব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আয়োজক সমিতিৰ লগতে আবাহন থিয়েটাৰৰ কৰ্তৃপক্ষ জগৰীয়া হ'ব বুলি বৰুৱাই সকলোকে সতৰ্ক কৰি দিয়ে।

নগাঁও জিলা প্ৰশাসনকো লিখিত ভাবে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাট্য সন্মিলনীয়ে অনুৰোধ জনাব বুলি তেওঁ জানিবলৈ দিয়ে। সংবাদ মেলত অংশ গ্ৰহণ কৰা কেবাগৰাকী নাট্যকৰ্মী, সাহিত্যিকে সমগ্ৰ ৰাজ্যজুৰি এই নাটকখনক লৈ প্ৰতিক্ৰিয়া হৈ থকাৰ পিছতো অসম চৰকাৰ তথা সাংস্কৃতিক সঞ্চালকালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

এই ক্ষেত্ৰত অসম চৰকাৰ আৰু সাংস্কৃতিক সঞ্চালকালয়ক জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাট্যসন্মিলনৰ নগাঁও জিলা সমিতিয়ে আহ্বান জনাইছে। সংবাদ মেলত গল্পকাৰ শিবানন্দ কাকতি, সন্মিলনৰ নগাঁও জিলাৰ সম্পাদক সুৰজ কুমাৰ শইকীয়া, কাৰ্যকৰী সভাপতি প্ৰশান্ত শৰ্মা, কোষাধ্যক্ষ জয়ন্ত কুমাৰ বৰা, অধ্যাপক মোহিনী মোহন ডেকা, নাট্যকৰ্মী ক্ৰমে পবিত্ৰ কলিতা, গগন চৌধুৰী, বিশ্বজিত বৰঠাকুৰ, মুক্তি বৰা, জিতু মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

ভাৰতীয় গণ নাট্য সংঘৰ নগাঁও জিলা সমিতিয়ে লভিতা বিকৃত ৰূপত প্ৰদৰ্শন কৰাৰ বাবে আবাহন থিয়েটাৰক কঠোৰ ভাবে সমালোচনা কৰাৰ লগতে এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in