/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/712649-atal-bihari-vajpayee-1.jpg)
মানুহজনৰ গলগলীয়া মাত। কবিতা কবিতা লগা কথা। সকলো ফালৰ পৰাই আছিল তেওঁ ব্যতিক্ৰম। ৰাজনীতিত হয়তো আৰু ভাৰতে এনে এজন স্থিতপ্ৰজ্ঞ আৰু নাপাব। কেতিয়াবা তেওঁৰ ৰাজনীতিৰ উৰ্ধ্বল গুছি গৈছিল। মানৱতাৰ বাবে আছিল তেওঁৰ সকলো দুৱাৰ খোলা। চিৰকুমাৰ হৈয়ে তেওঁ থাকি গ'ল। ভাবুকতাৰ মাজত নিজক এৰিও ৰসিকতাৰে শত্ৰু-মিত্ৰ সকলোৰে হৃদয় জিনিব পাৰিছিল বাজপেয়ীয়ে।
দুবাৰকৈ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল। প্ৰথমবাৰ তেওঁৰ কাৰ্যকাল আছিল মাত্ৰ ১৩ দিন। ১৯২৪ চনৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল বাজপেয়ীয়ে। ৪টা দশকতকৈও বেছি দিন তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ আছিল। লোকসভালৈ ১০ বাৰ নিৰ্বাচিত হোৱা আৰু ৰাজ্যসভালৈ ২ বাৰ নিৰ্বাচিত হোৱা বাজপেয়ীয়ে ২০০৯ চনত সক্ৰিয় ৰাজনীতি ত্যাগ কৰিছিল কেৱল স্বাস্থ্যৰ কাৰণে। বাজপেয়ী আছিল ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা। ১৯৬৮ চনৰ পৰা তেওঁ জনসংঘক নেতৃত্ব দিছিল।
তেওঁৰ কথাবোৰে আছিল এটা এটা কবিতা। সক্ৰিয় ৰাজনীতিত থাকিও তেওঁ এৰা নাছিল কাব্য চৰ্চা। সকলোকে সন্মান কৰিব জানিছিল বাজপেয়ীয়ে। সংসদত যেতিয়া বাজপেয়ী ভাষণ দিবলৈ উঠিছিল, তেতিয়া বিৰোধীয়েও মুখৰ মাত হেৰাইছিল। কি সন্মোহনেৰে তেওঁ শাসক-বিৰোধী সকলোৰে হৃদয় জিনিছিল সেয়া নেদেখিলে কল্পনা কৰিব নোৱাৰি। মোৰাৰজী দেশাই মন্ত্ৰী সভাত বাজপেয়ী আছিল বহিঃপৰিক্ৰমা মন্ত্ৰী। যেতিয়া জনতা দলৰ চৰকাৰ ভাগিল বাজপেয়ীয়ে জনসংঘক ভাৰতীয় জনতা পাৰ্টী ৰূপে ১৯৮০ চনত গঢ়ি তুলিছিল।
২০১৪ চনত বাজপেয়ীক প্ৰদান কৰা হৈছিল সন্মানীয় ভাৰতৰত্ন সন্মান। গোৱালিয়াৰত জন্মগ্ৰহণ কৰা বাজপেয়ীৰ ককা-দেউতা আছিল পণ্ডিত শ্যামলাল বাজপেয়ী। তেওঁৰ পিতৃ কৃষ্ণ বিহাৰী বাজপেয়ী আছিল শিক্ষক আৰু এগৰাকী ভাল কবি। বাজপেয়ীয়ে স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল গোৱালিয়াৰৰ সৰস্বতী শিশু মন্দিৰত। গোৱালিয়াৰ ভিক্টৰীয়া কলেজৰ পৰা তেওঁ হিন্দী, ইংৰাজী আৰু সংস্কৃতসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। কাণপুৰৰ দেৱ কলেজৰ পৰা বাজপেয়ীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।
Atal Ji's passing away is a personal and irreplaceable loss for me. I have countless fond memories with him. He was an inspiration to Karyakartas like me. I will particularly remember his sharp intellect and outstanding wit.
— Narendra Modi (@narendramodi) August 16, 2018
পঢ়া-শুনাত অত্যন্ত মেধাৱী বাজপেয়ীয়ে প্ৰথমে গোৱালিয়াৰৰ আৰ্য কুমাৰ সভা নামৰ এটা যুৱ সংগঠনৰ সৈতে জড়িত হৈ পৰিছিল। ১৯৪৪ চনত সেই সংগঠনৰটোৰ তেঁও সাধাৰণ সম্পাদক হয়। ১৯৩৯ চনৰ আৰ এছ এছৰ সেৱক হিচাপে তেওঁ যোগদান কৰিছিল। ১৯৪৭ চনত আৰ এছ এছৰ ফুল টাইম ৱৰ্কাৰ হিচাপে যোগ দিয়ে। ১৯৪২ চনত বাজপেয়ীয়ে ভাৰত আন্দোলনত যোগ দি তেওঁৰ জ্যেষ্ঠ ভাতৃৰ সৈতে ২৩ দিনৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হৈছিল।
বিজেপিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শ্যাম প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ দৰে বাজপেয়ীৰো আছিল যথেষ্ট অৰিহণা। দেশৰ জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধী চৰকাৰে কাৰাগাৰলৈ পঠিওৱা নেতাসকলৰ ভিতৰত বাজপেয়ীও আছিল অন্যতম। ১৯৭৭ চনৰ নিৰ্বাচনত জনতা দলৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হৈছিল। সেইবাৰ মোৰাজী দেশাই চৰকাৰত বহিঃপৰিক্ৰমা মন্ত্ৰী হিচাপে যোগদান কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত বাজপেয়ীয়ে ভাষণ প্ৰদান কৰিছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত সাধাৰণ সভাত বাজপেয়ীয়ে সেই ভাষণ প্ৰদান কৰিছিল হিন্দীত।
১৯৯৬ চনৰ মে' মাহত ১৩ দিনৰ বাবে চৰকাৰ গঠন কৰিলেও সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰি বাজপেয়ীয়ে পদত্যাগ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত এন ডি এ গঠনেৰে পুনৰ শাসনলৈ আহিছিল বিজেপি। বাজপেয়ীৰ শাসনকালত উল্লেখযোগ্য ঘটনাসমূহৰ ভিতৰত আছিল- কাৰ্গিল যুদ্ধ, পোখৰাণৰ পাৰমাণৱিক পৰীক্ষণ, পাকিস্তানৰ সৈতে কূটনীতিক সম্পৰ্ক উন্নতৰ চেষ্টা, দিল্লীত লাহোৰ বাছসেৱা আৰম্ভ আদি।
তৃতীয়বাৰৰ বাবে ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সময়তে ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি-৮১৪ নম্বৰৰ যাত্ৰীবাহী বিমানখন কাঠমাণ্ডুৰ পৰা অপহৰণ কৰা হৈছিল। সেই সময়ত বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে বাজপেয়ী চৰকাৰ সফল হৈছিল। নেশ্যনেল হাইৱে প্ৰজেক্ট, হাইৱে ডেভলপ্টমেণ্ট প্ৰজেক্ট, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা বাজপেয়ীৰ আছিল অন্যতম সপোনৰ আঁচনি। বাজপেয়ীয়ে ভালদৰে বুজিছিল যাতায়াত ব্যৱস্থা উন্নত নহ'লে দেশৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয়। বাজপেয়ীৰ শাসনকালতেই ২০০১ চনত সংসদ ভৱনত আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে।
দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে এইমছত বিয়লি ৫.০৫ বজাত দেশবাসীক কন্দুৱাই চিৰবিদায় লয় এইগৰাকী স্থিতপ্ৰজ্ঞ নেতাই।