শিৱসাগৰত আকাশ বতাহ কঁপাই তুলিলে আটাছুৱে

আহোম জনগোষ্ঠীয় হাজাৰ হাজাৰ লোকে মঙলবাৰে শিৱসাগৰত আকাশ বতাহ কঁপাই তুলিলে। বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ওলাই আহিল আহোম জনগোষ্ঠীৰ বহুলোক ৷ জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত আটাছুৰ উদ্যোগত এই লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আটাছুৰ গণ সমাৱেশ

আটাছুৰ গণ সমাৱেশ

ডিজিটেল সংবাদ, শিৱসাগৰ: প্ৰাপ্য অধিকাৰ বিচাৰি আহোম জনগোষ্ঠীয় হাজাৰ হাজাৰ লোকে মঙলবাৰে শিৱসাগৰত আকাশ বতাহ কঁপাই তুলিলে। শিৱসাগৰত বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ওলাই আহিল আহোম জনগোষ্ঠীৰ বহুলোক ৷ জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এই লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আহোম জনগোষ্ঠীয় প্ৰতিবাদকাৰীয়ে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে শিৱসাগৰ ৷ প্ৰখৰ ৰ'দকো নেওচি বহু সহস্ৰাধিক আহোম জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীত।

Advertisment

উল্লেখ্য যে,মঙলবাৰে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত বিশাল গণ সমাৱেশ আয়োজন কৰিছিল। আহোম জনগোষ্ঠীক জনজাতিকৰন আৰু স্বায়ত্ত্ব শাসনৰ দাবীত আটাছুৰ আয়োজন কৰিছিল এই গণ সমাৱেশৰ৷ আটাছুৰ কেন্দ্ৰীয় সমিতি সভাপতি বসন্ত গগৈকে ধৰি অন্যান্য বিষয়ববীয়া সকলে এই সমাৱেশত অংশগ্ৰহণ কৰে ৷ বহু জিলাৰ বিয়ষয়ববীয়া তথা পুৰুষ মহিলাইও এই কাৰ্যসূচীত কৰে অংশগ্ৰহণ । প্ৰতিবাদকাৰী সকলে ২০২৬ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ দাবী পূৰণ কৰাৰ দাবী জনাই ৷ 

প্ৰতিবাদস্থলীত "চৰকাৰে আহোমৰ বিৰুদ্ধে কুটকৌশল ৰচনা" কৰিছে বুলি বসন্ত গগৈয়ে অভিযোগ উত্থাপন কৰে ৷ "ৰাজনৈতিকভাৱে আৰু সাংস্কৃতিকভাৱে ধ্বংস কৰিছে আহোমক" বুলি কৰে মন্তব্য। তেওঁ লগতে কয়, "জাতি ৰক্ষাৰ বাবে এই সংগ্ৰাম ৷ স্বৰ্গদেউ সকলে এটা নতুন জাতি সৃষ্টি কৰিছিল। এতিয়া আহোমে হাতত ভীক্ষাৰ পাত্ৰ লৈ আন্দোলন কৰিবলগীয়া হৈছে" বুলি চৰকাৰক কৰে তীব্ৰ সমালোচনা। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ৰাজনৈতিকভাৱে আহোমৰ অধিকাৰ খৰ্ব কৰাকলৈও ক্ষোভ প্ৰকাশ কৰে সভাপতি বসন্ত গগৈয়ে। "বাহ্যিকভাৱে কাম কৰি চৰকাৰে জনগোষ্ঠীটৈক শেষ কৰাৰ প্লেন কৰিছে" বুলিও তেওঁ সমালোচনা কৰে। তেওঁ লগতে কয়, "আহোমে বিচ্চন্নতাবাদী চিন্তা কৰিব নোঁৱাৰে ৷ আহোম সকলে নেতৃত্ব দিব লাগিব। অহোম সকলে স্বজাতিৰ কথা কব ৷ বিভেদৰ কথা নকয়।"

আটাছু শিৱসাগৰ