সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা বন্ধ আহ্বানক লৈ দোমোজাত জনসাধাৰণ

শিৱসাগৰত এটা সংগঠনৰ দুটা গোটে বিপৰীতমুখী স্থিতি প্ৰকট কৰাত এক অনিশ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে দিনত সদৌ তাই আহোম ছাত্র সন্থাৰ নামত সংবাদমেল অনুষ্ঠিত কৰি এটা ফৈদে শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন জনজাতি লোকৰ বাবে সংৰক্ষিত কৰাৰ বিৰোধিতা কৰি

author-image
Asomiya Pratidin
New Update
03

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত এটা সংগঠনৰ দুটা গোটে বিপৰীতমুখী স্থিতি প্ৰকট কৰাত এক অনিশ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে দিনত সদৌ তাই আহোম ছাত্র সন্থাৰ নামত সংবাদমেল অনুষ্ঠিত কৰি এটা ফৈদে শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন জনজাতি লোকৰ বাবে সংৰক্ষিত কৰাৰ বিৰোধিতা কৰি কাইলৈ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ শিৱসাগৰ জিলা বন্ধৰ আহবান জনাইছে। বন্ধক লৈ ইতিমধ্যে আটাছুৰ উক্ত ফৈদে প্ৰচাৰো আৰম্ভ কৰিছে।

আনহাতে আজি বিয়লি সদৌ তাই আহোম ছাত্র সন্থাৰ আনটো ফৈদে কোনো বন্ধৰ আহবান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত স্থিতি স্পষ্ট কৰে। আজি সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম আৰু সম্পাদক পাৰ্থ প্ৰতীম গগৈয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি কয় যে সদৌ তাই আহোম ছাত্ৰ সন্থাই বন্ধৰ পোষকতা নকৰে। 

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা বজাৰখনত বন্ধৰ ফটুৱা জাৰি কৰিলে নিশ্চিতভাৱে ৰাইজৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত সদৌ তাই আহোম ছাত্র সন্থাই কোনো কাৰণত বন্ধৰ আহবান কৰা নাই বুলি জিলা সমিতিয়ে স্পষ্ট কৰি দিয়ে।

আনহাতে আটাছুৰ জিলা সমিতিয়ে এই বন্ধৰ আহবান কোনো দুষ্ট চক্ৰৰ কাম বুলি অভিহিত কৰি তেনে চক্ৰক এনে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ সকিয়াই দিয়ে।  দিনত সদৌ তাই আহোম ছাত্র সন্থাই কাইলৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ লগতে ৰাইজক দৈনন্দিন কাম-কাজ চলাই নিবলৈ আহবান জনায় ।

আটাছু