/asomiyapratidin/media/media_files/2025/07/19/akr-19-2025-07-19-21-20-24.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: সাংবাদিকৰ বিৰুদ্ধে অভব্য আচৰণ, অসাংবিধানিক আৰু সন্মানহানিকৰ মন্তব্য কৰি ৰাজ্যজুৰি ধিক্কাৰৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বিধায়ক আবুল কালাম ৰচিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। শনিবাৰে ঢকুৱাখনা সদৰ থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ হৈ চাও প্ৰাণজিত বৰুৱাই শনিবাৰে দাখিল কৰিছে এজাহাৰ। ৩৭ নং পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় ৰাজদ্বীপ বাইলুং বৰুৱাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক প্ৰতিনিধিত্ব কৰিছে। সংবাদ মাধ্যমৰ মঞ্চত এইগৰাকী বিধায়কে সাংবাদিকক অশালীন মন্তব্য কৰি পৰোক্ষ ভাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমাণিত কৰিছে।
বিধায়কজনৰ এই অভব্য আচৰণৰ বিৰুদ্ধে তদন্ত কৰি আইনগত শাস্তি বিহাৰ দাবী এজাহাৰকাৰী বৰুৱাৰ। উল্লেখযোগ্য যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চাও অচ্যুত বৰগোঁহাই, লখিমপুৰ জিলা সমিতিৰ সভাপতি চাও নোমল গগৈ, সম্পাদক চাও প্ৰাণজিত বৰুৱা, ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি চাও ভবেশ বৰুৱা, ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি চাও ডেভিড চাংমাই, সম্পাদক চাও ৰঞ্জন সন্দিকৈৰ লগতে বহু কেইগৰাকী ছাত্ৰ নেতাই শনিবাৰে বিয়লি প্ৰতিবাদী সমদল কৰি ঢকুৱাখনা সদৰ থানাৰ সন্মুখত উপস্থিত হয়।
সদৌ টাই আহোম ছাত্ৰ সন্থা জিন্দাবাদ, বিধায়ক আবুল কালাম ৰচিদ আলমক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অপমান মানি লোৱা নহ’ব, ৰচিদ আলম হায় হায় আদি শ্লোগান দি থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰাৰ পাছত এজাহাৰ প্ৰদান কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সম্পাদক চাও অচ্যুত বৰগোহাঁইয়ে কয় গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক ভাবে নিৰ্বাচিত বিধায়কগৰাকীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা অপমান আৰু মৌখিক অশালীন আক্ৰমণ অসমীয়া জাতিৰ বাবে এক অশনি সংকেট। সংবাদ মাধ্যমৰ মজিয়াত গণতন্ত্ৰৰ প্ৰথম স্তম্ভ বিধান মণ্ডলৰ এগৰাকী বিধায়কৰ এনে শিষ্টাচাৰহীন, দাম্ভিক মন্তব্য বিধানসভাৰ বাবেই লজ্জাৰ কাৰক।
গৃহ সমষ্টিত খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি, অবৈধ বিদেশী নাগৰিকক সংস্থাপনৰ পৃষ্ঠপোষকতা কৰি ক্ষমতাৰ গাদী দখলৰ সপোন দেখা এইজন বিধায়ক অসম আৰু অসমীয়া প্ৰধান শত্ৰু। এনে দেশদ্ৰোহী মানসিকতাৰ বিধায়কৰ উদ্ভত আচৰণ গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি কৈ তৎকালীন ভাবে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।
কেন্দ্ৰীয় নেতা বৰগোঁহাইয়ে এগৰাকী জ্যেষ্ঠ সাংবাদিকক সন্মান জনাবলৈ নিশিকা বিধায়কজনৰ এই আচৰণৰ সন্দৰ্ভত নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ তাৎক্ষণিক হস্তক্ষেপ দাবী জনায়। লগতে এইজন অবৈধ নাগৰিকৰ ৰক্ষকৰ ওপৰত কংগ্ৰেছ দলে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে উজনি অসমৰ প্ৰতিটো সমষ্টিতে টাই আহোম ছাত্ৰ সন্থাই সবল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ইয়াৰ কুফল প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে ভোগ কৰিব লাগিব বুলি সকীয়নী দিয়ে।