/asomiyapratidin/media/media_files/2025/05/04/qlGXBV1KSJjqy09mWhv9.jpg)
এজাহাৰ দাখিল
ডিজিটেল সংবাদ, শিৱসাগৰঃ মহাবীৰ লাচিত বৰফুকন, আহোম জনগোষ্ঠীৰ লগতে কামাখ্যা মন্দিৰৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শুকুৰ আলীৰ বিৰুদ্ধে শিৱসাগৰত দুটাকৈ সংগঠনে এজাহাৰ দাখিল কৰিছে। শিৱসাগৰ সদৰ থানাত দেওবাৰে শুকুৰ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে উজনি অসম থলুৱা মুছলিম পৰিষদ আৰু আটাছুৱে।
/asomiyapratidin/media/media_files/2025/05/04/eg63aGBFZu31SVzWGCUp.jpeg)
শুকুৰ আলীক বিজেপিৰ পৰা বহিস্কাৰৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে সংগঠন দুটাই।