ডিজিটেল সংবাদ, বৰবৰুৱা: মানকটা চাহ বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীৰ হিটলাৰী শাসনৰ বিৰুদ্ধে শনিবাৰে পুৱাই প্ৰতিবাদ কৰিলে অসম চাহ জনজাতি ছাত্র সন্থাই। আটছাৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত শনিবাৰে পুৱা মানকটা বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত শ শ শ্ৰমিকক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
শ্ৰমিক আইন উলংঘন কৰি শ্ৰমিকক ৯-১০ ঘন্টাকৈ কামত নিয়োজিত কৰা আৰু শ্ৰমিক-কৰ্মচাৰীৰ ওপৰত শাৰিৰীক নিৰ্যাতনৰ অভিযোগ উঠিছে বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীৰ বিৰুদ্ধে। ব্ৰিটিছ শাসনৰ দৰে এতিয়াও এইজন বাগিচাৰ পৰিচালকে শ্ৰমিকক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।
কেৱল সেয়াই নহয় মহিলা শ্ৰমিকসকলৰ ওপৰতো অশ্লীল গালি-গালাজ দি একপ্ৰকাৰ হিটলাৰী শাসন চলাই আহিছে পৰিচালজন। আনহাতে শ্ৰমিকৰ কোনো এটা সমস্যাক লৈয়ো গুৰুত্ব নিদিয়ে পৰিচালক মৃত্যুঞ্জয়ে। অতি শীঘ্ৰে এইজন আধুনিক হিটলাৰক মানকটা বাগিচাৰ পৰা স্থানান্তৰ কৰিবলৈ দাবী জনাইছে আটছাই।