চিলাপথাৰ কাণ্ডৰ ৮ বছৰ, সাম্প্ৰদায়িক অপশক্তিক সকীয়াই আছুৰ সংকল্প দিৱস

চিলাপথাৰ অঞ্চলৰ বিভিন্ন ধৰ্ম,ভাষা নিৰ্বিশেষে জাতি জনগোষ্ঠীৰ সকলোৱে সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে হাতে-হাত থৈ সংকল্প গ্ৰহণ কৰে। শতাধিক নামতিয়ে দিহা নাম পৰিৱেশন কৰি শ্বহীদ সকলৰ প্ৰতি জনায় গভীৰ শ্ৰদ্ধাৰ্য।

author-image
Asomiya Pratidin
New Update
আছুৰ সংকল্প দিৱস

আছুৰ সংকল্প দিৱস

ডিজিটেল সংবাদ,চিলাপথাৰ: ২০১৭ চনৰ ৬ মাৰ্চৰ  এটা কলংকিত অধ্যায়। নিব্বাছ' নামৰ তথাকথিত এটি সংগঠনৰ সভাপতি সুবোধ বিশ্বাসৰ নেতৃত্বত আক্ৰমণ চলোৱা হৈছিল চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়। কোনোধৰণৰ বাচ-বিচাৰ নোহোৱাকৈ আক্ৰমণ কৰা হৈছিল ৮৫৫ জন শ্বহীদৰ চানেকি চিলাপথাৰস্থিত শ্বহীদ বেদীক। শিলগুটি নিক্ষেপ কৰি অপমান কৰা হৈছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা,সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত। ভৰিৰে মোহাৰি পেলোৱা হৈছিল অসমীয়াৰ স্বাভিমান ফুলাম গামোচা।

 এই ক'লা দিনটোৱে বৃহস্পতিবাৰে অতিক্ৰম কৰিলে ৮টা বছৰ। অসমীয়াৰ হৃদপিণ্ডত আঘাত অনা সুবোধ কাণ্ডক প্ৰত্যেক বছৰৰ দৰে এইবাৰো ক'লা দিনটোক সুৱৰি চিলাপথাৰ শ্বহীদ ভৱনত আছুৱে পালন কৰে 'সংকল্প দিৱস'। চিলাপথাৰ অঞ্চলৰ বিভিন্ন ধৰ্ম,ভাষা নিৰ্বিশেষে জাতি জনগোষ্ঠীৰ সকলোৱে সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে হাতে-হাত থৈ সংকল্প গ্ৰহণ কৰে। শতাধিক নামতিয়ে দিহা নাম পৰিৱেশন কৰি শ্বহীদ সকলৰ প্ৰতি জনায় গভীৰ শ্ৰদ্ধাৰ্য। ইফালে  ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অহা এটি বিধায়িনী দলে আছু কাৰ্যালয় পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও যোৱা ৮ টা বছৰে আছু কাৰ্যালয় নিৰ্মাণৰ নামত ৰজাঘৰীয়াৰ পৰা এটুকুৰা ইটা, শিল নপৰাৰ ক্ষোভ প্ৰকাশ কৰে আছুকৰ্মী সকলে। 

উল্লেখযোগ্য যে, সুবোধ বিশ্বাসসহ ৫৩ জন অভিযুক্তক তেতিয়া গ্ৰেপ্তাৰ কৰা হয় যদিও আটাইকেইজন অভিযুক্ত বৰ্তমান মুকলি আকাশৰ তলত। কেতিয়া আছু কাৰ্যালয় লণ্ড ভণ্ড কৰা সুবোধ বিশ্বাসহ তেওঁৰ সাংগু পাংগুয়ে শাস্তি পায় তাক ৰজাঘৰীয়াক প্ৰশ্ন উত্থাপন কৰিছে আছুয়ে। ইফালে গুৰুজনাৰ সৃষ্টিৰাজি ভাওঁনাক অনা-অসমীয়া মন্ত্ৰী অশোক সিংঘালে কৰা অপমান ধিক্কাৰ জনায় বিভিন্নজনে।

aasu protest aasu