/asomiyapratidin/media/media_files/2025/05/22/c7kxpze5HmlNJRJliAPD.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : ঐতিহ্যমণ্ডিত কলিয়াবৰত ড্ৰাগচৰ প্ৰচলন নচলিব। নতুন প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কলিয়াবৰৰ ৰাইজ সদায় আছে সদায় থাকিব। কলিয়াবৰত বৃহস্পতিবাৰে এই মন্তব্য কৰে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই ।
কলিয়াবৰত ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ দাবীত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা সমদলত অংশ লৈ ৰাইজক উদ্দেশ্যি এই মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ ড্ৰাগছৰ বেহা চলাই থকা ব্যৱসায়ীসকলক সকিয়াই কয় যে¸ ড্ৰাগছৰ ব্যৱসায় চলাই থকা সকলে আজিয়েই টালিটোপোলা বান্ধি আতৰি যাঁওক।
আনহাতে, ড্ৰাগছৰ প্ৰচলন সমুলাঞ্চে নিঃশেষ নকৰিলে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও ছাত্র নেতাজনে মন্তব্য কৰে । প্ৰতিবাদী সভাখনিত কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰ আৰু নগাঁও জিলা ছাত্র সন্থাৰ সম্পাদক কংকণ জ্যোতি বৰুৱাই ভাষণ দি জখলাবন্ধাকে ধৰি সমগ্ৰ কলিয়াবৰৰ পৰা ড্ৰাগছৰ প্ৰচলন শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায়।
বদিৰত আলি, পুষ্পেন্দ্ৰ শইকীয়া, দেৱেন কোঁৱৰ, নমিতা হাজৰিকা, অৰুণিমা বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট নাগৰিকৰ উপৰি প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী, শ শিক্ষক-শিক্ষয়িত্ৰীয়ে ড্ৰাগছ বিৰোধী সজাগতা সমদলত অংশ লয় ।
উল্লেখ্য যে¸ কলিয়াবৰত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন। ড্ৰাগছৰ কৰালগ্ৰাসত পৰিছে নৱ প্ৰজন্ম। ড্ৰাগছৰ বাবেই সংঘটিত হৈছে বিভিন্ন কুটাঘাট।
জখলাবন্ধাৰ লগতে কলিয়াবৰ সমজিলাৰ বিভিন্ন প্ৰান্তত এতিয়া সুলভ হৈ পৰিছে অবৈধ নিচাযুক্ত দ্ৰব্য। যাৰ ফলত ধ্বংসৰ পথলৈ গতি কৰিছে ছাত্ৰ-ছাত্ৰীকে ধৰি যুৱ প্ৰজন্ম। ড্ৰাগছৰ এনে ভয়াৱহতাৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গ্ৰহণ কৰা পদক্ষেপক আজি সকলোৱে শলাগ লয়।
জখলাবন্ধাৰ এ এচ টি চি বাছ স্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ সমদল কৰি ড্ৰাগছ বিৰোধী শ্লগানৰে ৰাজপথ উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে, কলিয়াবৰৰ জখলাবন্ধাকে ধৰি বিভিন্ন স্থানত শেহতীয়াভাৱে ভয়াবহ ৰূপত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে যদিও অবৈধ ড্ৰাগছৰ বেহা বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।