/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f7de82ea-b3cd-45ea-b8f2-a67f8b067c82/bvfcl_15.jpg)
bvfcl bvfcl
ডিজিটেল ডেস্কঃ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগসমূহ ইটোৰ পিছত সিটোকৈ বিক্ৰী কৰি পুঁজিপতিৰ হাতত দিব বিচাৰিছে ৷ থলুৱা লোক সংস্থাপন হৈ থকা এই উদ্যোগসমূহক বিক্ৰী কৰি থলুৱাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে ৷
নতুন উদ্যোগ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ গাদী দখল কৰা বি জে পি চৰকাৰে এফালৰ পৰা সকলো ৰাজহুৱা উদ্যোগ পুঁজিপতিৰ হাতলৈ এৰি দিছে ৷
শেহতীয়াকৈ ভাৰতবৰ্ষৰ প্ৰথম গেছ ভিত্তিক সাৰ উদ্যোগ BVFCL ক বিক্ৰীৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে ৷ এই উদ্যোগটোৱে দেশৰ বিভিন্ন প্ৰান্তত কম মূল্যত সাৰৰ যোগান ধৰি আহিছে ৷ কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৯০% সাৰৰ চাহিদা পূৰাই আহিছে।
চৰকাৰে উদ্যোগটো বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা(BVFCL)ৰ ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ৷
কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য অসমক এই সাৰ উদ্যোগটোৱে খেতিয়কসকলৰ চাহিদা পূৰাই আহিছে ৷ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৯০ শতাংশ আৰু দেশৰ বিভিন্ন ৰাজ্যলৈ ৰাসায়নিক সাৰ যোগান ধৰি আহিছে ৷
চৰকাৰীখণ্ডৰ উদ্যোগ হোৱাৰ বাবে খেতিয়কে কম মূল্যত সাৰ ক্ৰয় কৰি লাভৱান হৈ আহিছে ৷ ৰাজ্যৰ এনে এটা বৃহৎ লাভজনক ৰাজহুৱা উদ্যোগক চৰকাৰে বিক্ৰী কৰাৰ সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় ৷
উদ্যোগটোৰ চতুৰ্থ গোট নিৰ্মাণ কৰি অধিক কাৰ্যক্ষম কৰি তুলিবলৈ ছাত্ৰ সন্থা আৰু নামৰূপবাসী ৰাইজে দুটা দশক ধৰি সংগ্ৰাম কৰি আহিছে ৷ ৰাজনৈতিক পাকচক্ৰত উদ্যোগটোৰ চতুৰ্থ গোটটো আজিও নিৰ্মাণ নহ’ল ৷
২০০৬ চনত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে চতুৰ্থ গোট নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে আধাৰশিলা স্থাপন কৰিছিল ৷ বি জে পি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
শাসনলৈ অহাৰ পিছত কিন্তু কাৰ্যক্ষেত্ৰত অলপো আগনাবাঢ়িল ৷ বৰঞ্চ এতিয়া উদ্যোগটোকেই পুঁজিপতিৰ হাতত গটাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উদ্যোগটো ব্যক্তিগতকৰণ হ’লে বেছিকৈ প্ৰভাৱান্বিত হ’ব ৰাজ্যৰ চহা কৃষক সমাজ ৷ লগতে ৯০% থলুৱা লোক নিযুক্ত হৈ থকা উদ্যোগটো ব্যক্তিগতকৰণ হ’লে থলুৱা কৰ্মচাৰীসকলৰ সংস্থাপনৰ অনিশ্চয়তা আহি পৰিব ৷
ৰাজহুৱা খণ্ডৰ লাভজনক এই উদ্যোগটোৰ ব্যক্তিগতকৰণ অসমবাসী ৰাইজে কেতিয়াও মানি নলয় । ছাত্ৰ সন্থাই উদ্যোগটোৰ বিক্ৰীৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ ৷