আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ চৰকাৰী সিদ্ধান্তক কেতিয়াও সমৰ্থন নিদিয়ে আছুৱে

ৰাজ্যত হাজাৰ হাজাৰ অৰ্হতা সম্পন্ন নিবনুৱা থকা সত্বেও অৱসৰপ্ৰাপ্ত অধ্যাপকক মোটা অংকৰ দৰমহাৰে পুনৰ কলেজত নিযুক্তিত আছুৰ তীব্ৰ আপত্তি আছে আৰু ইয়াৰ প্ৰতিবাদ অব্যাহত থাকিব।

author-image
Asomiya Pratidin
New Update
আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ চৰকাৰী সিদ্ধান্তক কেতিয়াও সমৰ্থন নিদিয়ে আছুৱে

ডিজিটেল সংবাদ চিলাপথাৰঃ ‘শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত অৱসৰৰ পিছতো অৱসৰপ্ৰাপ্ত অধ্যাপকে আগঢ়াব পাৰে বহু অবদান। পিছে ৰাজ্যত হাজাৰ হাজাৰ অৰ্হতা সম্পন্ন নিবনুৱা থকা সত্বেও তেওঁলোকক বঞ্চিত কৰি মোটা অংকৰ দৰমহাৰে পুনৰ কলেজত নিযুক্তিৰ মনস্থ কৰিছে। এইক্ষেত সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ আপত্তি আছে আৰু ইয়াৰ ঘোৰ প্ৰতিবাদ অব্যাহত থাকিব’। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাৰ। 

Advertisment

আজি চিলাপথাৰত অনুষ্ঠিত এক বিশেষ অভিনন্দন অনুষ্ঠানত তেওঁ এইদৰে কয়। লক্ষণীয় যে বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ অসম ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিকে আজি অনুষ্ঠিত কৰিলে এক বিশেষ অভিনন্দন অনুষ্ঠান। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদ্যঘোষিত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ৭৫ শতাংশৰ উৰ্ধৰ নম্বৰ লাভ কৰা অঞ্চলটোৰ কুৰিখন শিক্ষানুষ্ঠানৰ ডেৰশতাধিক কৃতি পৰিক্ষাৰ্থীক জনোৱা হ'ল অভিনন্দন। 

একোখনকৈ গামোচা, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাই কৃতিমান পৰীক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰে। এটি সমবেত সংগীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ অতিথিৰ সম্বৰ্ধনাৰ পিছতে "বৰ্হমথুৰি" শীৰ্ষক ১৯৫ পৃষ্ঠাৰ এক স্মৃতিগ্ৰন্থ উন্মোচন কৰে।

অনুষ্ঠানত সংগঠনটোৰ বহু নেতা-কৰ্মী, জনপ্ৰতিনিধি, জ্যেষ্ঠ সমাজ সেৱক,শিক্ষাবিদ আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে গঠনমূলক পৰামৰ্শত বক্তব্য প্ৰদান কৰে।

আছু চিলাপথাৰ কলেজ শিক্ষক