বিদ্যুতৰ বিল অস্বাভাৱিক বৃদ্ধিঃ সদৌ অসম ছাত্ৰ সন্থাৰ এ পি ডি এলৰ সঞ্চালকৰ লগত বৈঠক...

শীঘ্ৰে সমস্যা সমাধান কৰাৰ আশ্বাস

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ বিল অস্বাভাৱিক বৃদ্ধিঃ সদৌ অসম ছাত্ৰ সন্থাৰ এ পি ডি এলৰ সঞ্চালকৰ লগত বৈঠক...

aasu

ডিজিটেলে ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰৰ সৈতে বৈঠক। ৰাজ্যত বিদ্যুতৰ বিলৰ অস্বাভাৱিক বৃদ্ধিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলটোত আছিল সভাপতি দীপংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আদি।

Advertisment

এই বৈঠকত আছুৰ দলটোৱে বিদ্যুতৰ বিলৰ খেলিমেলি শীঘ্ৰেই দূৰ কৰিবৰ বাবে দাবী জনাই। এই সাক্ষাতৰ পাছতে আছুৰ সভাপতি দীপংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, এ পি ডি চি এলে গ্ৰাহকৰ পৰা বিসংগতিপূৰ্ণভাৱে অত্যাধিক মাচুল সংগ্ৰহ কৰাটো চূড়ান্ত অন্যায়। এনে কাৰ্যই গ্ৰাহকক হাৰাশাস্তি কৰিছে।

আনহাতে বিদ্যুত মাচুলৰ এনে অস্বাভাৱিক বৃদ্ধিৰ আঁৰত নিবিদা লাভ কৰা প্ৰতিষ্ঠানসমূহে উৎকৃষ্ট মানৰ স্মাৰ্ট মিটাৰ সংস্থাপন নকৰাৰ বাবেই এনেধৰনৰ বিসংগতি সংঘটিত হৈছে বুলি এ পি ডি চি এলৰ সঞ্চালকগৰাকীয়ে ছাত্ৰ সন্থাৰ দলটোৰ আগত অৱগত কৰে। তেওঁ এ পি ডি চি এলৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী বিষয়াৰ দলে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি আছে বুলি অৱগত কৰি শীঘ্ৰেই এই সমস্যাৰ সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে প্ৰকাশ কৰে।

আনহাতে আছুৰ দলটোৱে অত্যাধিক বিল অহা গ্ৰাহকৰ ক্ষেত্ৰত গ্ৰাহকে অভিযোগ দিয়া বা নিদিয়াকৈও বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।ইয়াৰোপৰি গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ গ্ৰাহকে হ’ল্ডিং নম্বৰ জমা নিদিলেও বিদ্যুৎ সংযোগ কৰ্তন কৰিব নোৱাৰিব বুলি পৰিচালন সঞ্চালক গৰাকীক ছাত্ৰ সন্থাই স্পষ্টকৈ সদৰী কৰে আৰু এইক্ষেত্ৰত পৰিচালন সঞ্চালকেও কৰ্তন কৰা নহয় বুলি আশ্বাস প্ৰদান কৰে৷

আনহাতে এ পি ডি চি এলৰ বিভিন্ন শিতানৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাই৷ ঘাটি বাজেট পূৰাবলৈ গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল সংগ্ৰহ কৰাটো গ্ৰহণযোগ্য নহয় বুলি আছুৱে স্পষ্ট কৰি দিয়ে৷

ইয়াৰ উপৰিও ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিলৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই।

apdcl aasu