/asomiyapratidin/media/media_files/2025/07/08/vbvbvv-2025-07-08-11-12-10.jpg)
সত্যব্ৰত বৰুৱাৰ দেহাৱসান
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ "আছু" গোটৰ প্ৰাক্তন সদস্য, অসম মাৰ্কেটিং বৰ্ডৰ প্ৰাক্তন পৰিদৰ্শক, ধেমাজি নগৰৰ টঙনাপৰা নিবাসী সৰবৰহি ব্যক্তি সত্যব্ৰত বৰুৱাৰ দেহাৱসান। কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই। অত্যন্ত বিনয়ী, হাস্যমুখী, সৰলমনা বৰুৱাই মৃত্যুৰ সময়ত পিতৃ,মাতৃ, ভাতৃ, পত্নী পাপৰি বৰুৱা, দুই কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইস সংসাৰত এৰি গৈছে। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল প্ৰায় ৫৪ বছৰ।
ডিব্ৰুগড় হনুমানবক্স সূৰষমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰৰ একতা সভাৰ লঘু ক্ৰীড়া সম্পাদক পদত নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে একাত্ম হৈ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ "আছু"ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হিচাবে সুযোগ্য নেতৃত্ব প্ৰদান কৰি যোৱা বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ পৰা স্নাতকোত্তৰ হোৱাৰ লগতে আইনৰো ছাত্ৰ আছিল।পৰৱৰ্তী সময়ত "মাৰ্কেটিং ইন্সপেক্টৰ" পদত নিযুক্ত হৈছিল বৰুৱা। এগৰাকী সুদক্ষ ক্ৰীড়াবিদ হিচাবেও পৰিচিত বৰুৱাৰ আকস্মিক বিয়োগত মর্মাহত সতীৰ্থ সকলৰ লগতে আত্মীয় স্বজন। মঙলবাৰে বৰুৱাৰ নস্বৰ দেহ ধেমাজিৰ স্ব গৃহলৈ অনাৰ পাছত অগণন গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাই অশ্ৰুসিক্ত নয়নেৰে। মঙলবাৰে ধেমাজিৰ ৰাজহুৱা শ্মশানত পুৱা বেলা প্ৰয়াত বৰুৱাৰ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।
বৰুৱাৰ মৃত্যুত কানৈ মহাবিদ্যালয় ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ প্ৰাক্তন আৱাসী সকলৰ হৈ বিকালি মহাবিদ্যালয় অধ্যক্ষ ডঃ মনোজ গগৈ আৰু ডিব্ৰুগড়ৰ বিশিষ্ট বিশেষজ্ঞ চিকিৎসক ডাঃ তৰংগ হাজৰিকা, ধেমাজি উকীল সন্থাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অবিবক্তা যুগল বুঢ়াগোহাঁই , প্ৰবীণ সাংস্কৃতিক শিল্পী ৰাজীৱ গগৈ , গুনীন দত্ত , বুবিন চুতীয়া, অনুজ চুতীয়া,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমা সোণোৱাল, অসম পৰ্যটন নিগমৰ অধ্যক্ষ, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, প্ৰাক্তন "আছু"নেতা তথা অসম পেট্ৰকেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, প্ৰাক্তন সতীৰ্থ বিশ্বনাথ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাগ্রী, আই পি এছ বিষয়া সুবোধ কুমাৰ সোণোৱাল ,প্ৰয়াত বৰুৱাৰ অতি ঘনিষ্ঠ সতীৰ্থ অতুল দিহিংগীয়া, হৰেন মহন্ত, জয়ন্ত খাউণ্ড,প্ৰবীণ দিহিংগীয়াকে প্ৰমুখ্য কৰি অজস্ৰজনে এগৰাকী সৰলমনা সুহৃদৰ অৱৰ্তমানত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us