গুৱাহাটীৰ মাজমজিয়াত আছু নেতাক ইটাৰে আক্ৰমণ...

গুৱাহাটীৰ মাজমজিয়াতে আছু নেতাক ইটাৰে আক্ৰমণ...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ মাজমজিয়াত আছু নেতাক ইটাৰে আক্ৰমণ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে আছু নেতাক আক্ৰমণ দুৰ্বৃত্তৰ। এই আক্ৰমণত গুৰুতৰভাৱে আহত কাহিলীপাৰা আছুৰ উপদেষ্টা দিব্যজ্যোতি বৰ্মন। বৰ্তমান হায়াট হস্পাতালত চিকিতসাধীন হৈ আছে আছু নেতাগৰাকী।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, কাহিলীপাৰা দশম আৰক্ষী বেটিলিয়ন কলনীৰ সমীপতে দুৰ্বৃত্তই আক্ৰমণ চলাই আছু নেতাগৰাকীক। এই আক্ৰমণকাৰী দলটোত আছিল ৩গৰাকী লোক। ঘৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়তে প্ৰথমে তৰ্কাতকি আৰু পিছত ইটাৰে আক্ৰমণ কৰে আছু নেতাগৰাকীক।

ইতিমধ্যে দিব্যজ্যোতি বৰ্মনৰ পৰিয়ালে ভগদত্তপুৰ থানাত এজাহাৰ দাখিল কৰিছে।

Also Read: সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ, পিতৃ নহ'লে জীৱন অন্ধকাৰ...

গুৱাহাটী