আছুৰ পত্ৰক গুৰুত্বই নিদিলে মুখ্যমন্ত্ৰীয়ে ! পুনৰ প্ৰকাশ পালে আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্তক নিযুক্তিৰ বিজ্ঞাপন

আদৰ্শ মহাবিদ্যালয়ত অধ্যাপক নিযুক্তিৰ বিৰোধিতাৰে ৩০ জুলাইত মুখ্যমন্ত্ৰীলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছিল আছুৱে। ইয়াৰ এদিন পিছতেই পুনৰ প্ৰকাশ পালে অধ্যাপক নিযুক্তিৰ বিজ্ঞাপন।

author-image
Asomiya Pratidin
New Update
আছুৰ পত্ৰক গুৰুত্বই নিদিলে মুখ্যমন্ত্ৰীয়ে ! পুনৰ প্ৰকাশ পালে আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্তক নিযুক্তিৰ বিজ্ঞাপন

ডিজিটেল ডেস্কঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তি সন্দৰ্ভত বিতৰ্ক অব্যাহত আছে। অসম চৰকাৰে অভিজ্ঞতাৰ কথা দোহাৰি অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ সপক্ষে যুক্তি দৰ্শাই আহিছে যদিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ গৱেষক ছাত্ৰসকলেও এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। 

Advertisment

এই সিদ্ধান্তৰ বিৰোধিতাৰে ৩০ জুলাইত সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰও প্ৰেৰণ কৰিছিল। সেই পত্ৰ প্ৰেৰণ কৰাৰ ঠিক এদিন পিছতেই পুনৰ আন এখন আদৰ্শ মহাবিদ্যালয়ত অনুৰূপ ধৰণে অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ এক বিজ্ঞাপন প্ৰকাশ পাইছে। 

৩১ জুলাই, ২০২৫ তাৰিখে চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বৰছলাৰ বাবে মুঠ ৫ টা বিভাগৰ ৭ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ADMIN/2023-26/10 নম্বৰৰ সেই বিজ্ঞাপন অনুসৰি মহাবিদ্যালয়খনৰ অসমীয়া, ইংৰাজী, গণ সংযোগৰ এটাকৈ আৰু ভূগোল, মনোবিজ্ঞান বিভাগৰ দুটাকৈ পদত নিযুক্তি প্ৰদান কৰা হ’ব। 

ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক হোৱাৰ লগতে তেওঁৰ বয়স ৬৫ বছৰৰ উৰ্ধৰ হ’ব নোৱাৰিব। এই পদত নিযুক্তিপ্ৰাপ্তক প্ৰতি মাহে ১ লাখকৈ টকা দৰমহা হিচাপে প্ৰদান কৰা হ’ব। 

লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ তথা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বৰছলাৰো ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা ড০ শুকদেৱ অধিকাৰীৰ দ্বাৰা স্বাক্ষৰিত উক্ত বিজ্ঞাপনত আগ্ৰহী প্ৰাৰ্থীক অহা ৫ আগষ্টৰ পুৱা ১১ বজাৰ পৰা ঢেকীয়াজুলিৰ লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰত তেওঁলোকৰ নথি-পত্ৰসমূহৰ সৈতে উপস্থিত থাকিবলৈ উল্লেখ কৰা হৈছে। 

WhatsApp Image 2025-07-31 at 6.49.11 PM

উল্লেখ্য যে, ৰাজ্যজুৰি হোৱা তীব্ৰ পতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতো ৰাজ্য চৰকাৰ অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তি দিয়াৰ সিদ্ধান্তৰ স্থিতিত অটল আছে। সেই অনুসৰিয়েই কেইবাখনো আদৰ্শ মহাবিদ্যালয়ত ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। 

ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে দাবী কৰিছে অভিজ্ঞ অধ্যাপকৰ অভাৱৰ বাবেই আদৰ্শ মহাবিদ্যালয়সমূহে যিধৰণে গতি লাভ কৰিব লাগিছিল সেই ধৰণে গতি লাভ কৰা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অভিজ্ঞতাৰ কথা উল্লেখ কৰিয়েই শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ সিদ্ধান্তক ১০০ শতাংশ নহয়, বৰঞ্চ ১০১ শতাংশ সমৰ্থন কৰে বুলি উল্লেখ কৰিছে। 

WhatsApp Image 2025-07-31 at 6.49.11 PM (1)

ইফালে সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ৩০ জুলাইত এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছিল। ‘’আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ বিৰোধিতাঃ সহযোগী অধ্যাপক পদ সৃষ্টিৰ দাবী’’ শীৰ্ষক এই পত্ৰখনৰ জৰিয়তে আদৰ্শ মহাবিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে জাৰি কৰা চৰকাৰী জাননীৰ বিৰোধিতা কৰিছিল। 

কিন্তু তাৰ এদিন পিছতেই পুনৰ এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত ৫ টা বিভাগৰ ৭ টা পদতে অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা কাৰ্যক আছুৱে এতিয়া কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়। 

আছু ড০ হিমন্ত বিশ্ব শৰ্মা শিক্ষক নিযুক্তি