/asomiyapratidin/media/media_files/2025/03/20/BW2pm5rfESwPHn1PxAks.jpg)
ছহীদ পৰিয়ালক সম্বৰ্দ্ধনা
ডিজিটেল সংবাদ, জামুগুৰিহাট: ১৯৮৩ চনৰ ২০ মাৰ্চত জামুগুৰিহাটৰ লালেটাপুত সাতজনকৈ পাহোৱাল অসমীয়াক অবৈধ বাংলাদেশীয়ে হানি-খুচি নৃশংসভাৱে হত্যা কৰিছিল৷ বাংলাদেশীৰ সেই আক্ৰমণত ছহীদ হৈছিল ছাত্ৰনেতা ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, জয়ৰাম বৰুৱা, বিৰেন মিশ্ৰ, শ্যাম কুণ্ডু আৰু পলাশ ৰাজবংশী৷ ইয়াৰোপৰি ছাত্ৰ সন্থাৰ আন এক কাৰ্যসুচীত অংশগ্ৰহণ কৰিবলৈ গৈ শ্বহীদ হৈছিল বল্লভ নাথ ৷ এই আঠ গৰাকী ছহীদক লৈ সেইদিন ধৰি সদৌ জামুগুৰি ছাত্ৰ সন্থাই জামুগুৰিহাটত ৰাজহুৱাভাৱে উদযাপন কৰি আহিছে কেন্দ্ৰীয় ছহীদ দিৱস ৷
বৃহস্পতিবাৰে পুৱা জামুগুৰিহাটস্থিত অষ্ট ছহীদ বেদী স্থলীত সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাই যুটীয়াভাবে আয়োজন কৰে বিশেষ অনুষ্ঠানৰ। সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি সমীৰন বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে৷ ইয়াৰ পিছৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া, সদস্য সকলে অংশগ্ৰহণ কৰি ছহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ছহীদ দিৱসৰ কাৰ্যসূচীত ছহীদ পৰিয়ালৰ সদস্যসকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷ ছহীদ দিৱস উপলক্ষে পুৱাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷