বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ২ঘণ্টীয়া ধর্ণা কার্যসূচী

বিশ্বনাথ জিলা আয়ুক্ত কার্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত “২ ঘণ্টীয়া ধর্ণা কার্যসূচী” ৰূপায়ণ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
aasa

ডিজিটেল সংবাদ, বিশ্বনাথঃ মঙলবাৰে বিশ্বনাথ জিলা আয়ুক্ত কার্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ (আছা) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত “২ ঘণ্টীয়া ধর্ণা কার্যসূচী” ৰূপায়ণ কৰা হয়। 

এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ আদিবাসী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, অদিবাসী জনগোষ্ঠীৰ মুণ্ডা, উৰাং, খাড়ীয়া, চাওঁতাল, চৱৰ, চাওঁৰা, পৰজা, ভূমিজ, খেৰুৱাৰ ইত্যাদি জাতি, উপ-জাতিক শুদ্ধ জাতিগত প্রামণ পত্ৰ প্ৰদান কৰক, চাহ শ্রমিক আৱাস গৃহ, ভূমি পট্টা প্ৰদান কৰক, চাহ শ্রমিক দৈনিক মজুৰি ৫৫১/- টকালৈ বৃদ্ধি কৰক আদি দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

বিশ্বনাথ জিলা আয়ুক্ত বিশ্বনাথ