প্ৰতিদিন ডিজিটেলৰ সংবাদকৰ্মী ৰাহুল হাজৰিকালৈ আৰণ্যকৰ মিডিয়া ফেল’শ্বিপ

৮ গৰাকী ফেল’ক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হৈছে। প্ৰত্যেককে ৪০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। লগতে আৰ্থিক সহায়ৰ উপৰিও নিৰ্বাচিত ফেল'সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েণ্টেচন আৰু দিহা-পৰামৰ্শ লাভ কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ভাল খবৰ! প্ৰতিদিন ডিজিটেলৰ সংবাদকৰ্মী ৰাহুল হাজৰিকাক আৰণ্যকৰ ‘প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী’ বিষয়ক মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হৈছে। ভাৰতৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ প্ৰতিবেদনৰ প্ৰতি আকৰ্ষিত যুৱ মিডিয়া পেছাদাৰীসকলৰ বাবে মিডিয়া ফেল’শ্বিপ ঘোষণা কৰিছিল।

Advertisment

মুঠ ৮ গৰাকী ফেল’ক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হৈছে। প্ৰত্যেককে ৪০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। লগতে আৰ্থিক সহায়ৰ উপৰিও নিৰ্বাচিত ফেল'সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েণ্টেচন আৰু দিহা-পৰামৰ্শ লাভ কৰিব। আনহাতে, ফেল’সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।

উল্লেখ্য যে, সংবাদকৰ্মী ৰাহুল হাজৰিকা বিগত কেবাবছৰে প্ৰতিদিন ডিজিটেলৰ সৈতে জড়িত হৈ আছে। তেওঁ বিগত সময়ত ৰাজনৈতিক, সামাজিক বিষয়ৰ ওপৰত লিখা-মেলা কৰাৰ লগতে ফিল্ড-ৰিপৰ্টিঙৰ ক্ষেত্ৰখনতো কাম কৰি আছে।

আৰণ্যক মিডিয়া ফেল’শ্বিপ