Advertisment

শিলচৰত আপৰ কৰ্মকৰ্তা সন্মিলনত সভাপতি মনোজ ধানোৱাৰ : উন্নয়নৰ শ্লোগান লৈ পঞ্চায়ত দখলৰ লক্ষ্য আপৰ

বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ আপৰ কৰ্মকৰ্তাসকলক দলটোৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়

author-image
Asomiya Pratidin
New Update
fjjfg

ডিজিটেল সংবাদ, গুৱাহাটী : বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ আপৰ কৰ্মকৰ্তাসকলক দলটোৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। বৃহস্পতিবাৰে শিলচৰত আম আদমী পাৰ্টিৰ কাছাৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ জিলাভিত্তিক কৰ্মকৰ্তা সন্মিলন। 

Advertisment

বিগত দিনত বৰাকৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি সভাপতি ধানোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা লোকনিৰ্মাণ বিভাগক তীব্ৰ সমালোচনা কৰে। কৰ্মকৰ্তা সন্মিলনত আপৰ নেতাগৰাকীয়ে কয়- "শিলচৰ চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা বিজ্ঞান সন্মতভাৱে সমাধানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। 

সমগ্ৰ উপত্যকাটোত শিক্ষা, স্বাস্থ্য আৰু পথ পৰিবহনৰ ক্ষেত্ৰত পিছ পৰি আছে। চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই। বিজেপিৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব দিয়া নাই। সেইবাবেই আমি আহিছোঁ। 

আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজক বিকল্পৰ সন্ধান দিব বিচাৰিছোঁ। উন্নয়নৰ শ্লোগান লৈ আমি জনসাধাৰণৰ মাজলৈ যাম। "  দলৰ কৰ্মকৰ্তা সন্মিলনত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই কাছাৰ জিলাৰ আটাইকেইটা বিধান সভা সমষ্টিত বুথ পৰ্যায়ত দলৰ কমিটী গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

fgjh

পঞ্চায়ত নিৰ্বাচনত দলৰ ৰণকৌশল সন্দৰ্ভত শইকীয়াই পৰ্যালোচনা কৰে। জিলা সভাপতি বাপ্পা ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত দলৰ ৰাজ্যিক উপ সভাপতি সৌমিক সেনগুপ্ত, সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়াৰ লগতে আন বহুকেইগৰাকী নেতাই ভাষণ দিয়ে। তদুপৰি দলৰ ৰাষ্ট্ৰীয় মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি আৰু নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ শিলচৰৰ কেইবাগৰাকী উদীয়মান যুৱকে আজি আপত যোগদান কৰে। 

উল্লেখযোগ্য যে দলীয় কৰ্মকৰ্তা সন্মিলনৰ অন্তত সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে । সংবাদমেলত ধানোৱাৰে বৰাকত অব্যাহত থকা ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হয় ।শাসক দলৰ নেতা, পালিনেতা সকলৰ পৃষ্ঠপোষকতাত চলা ছিণ্ডিকেটৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰে ধানোৱাৰে। আপৰ নেতাগৰাকীয়ে কয়, "বৰাকত আপৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। পঞ্চায়ত, জিলা পৰিষদ আৰু শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত আপৰ মনোনীত প্ৰাৰ্থী সকলে ৰাইজৰ সঁহাৰি লাভ কৰিব।"

Manoj Dhanwar AAP Assam press conference aap assam