/asomiyapratidin/media/media_files/2024/11/24/xms7HLGEmvTPmC4HZxEe.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে। বিগত উপ নিৰ্বাচনত মেহুৱেল বসুমতাৰীয়ে বিহালী বিধানসভা সমষ্টিৰ 'আপ'ৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণৰ সহযোগিতা কৰা নাছিল বুলি এক বিবৃতিযোগে জানিবলৈ দিয়ে।
উল্লেখ্য যে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এই সন্দৰ্ভত তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। কিন্তু বসুমতাৰীয়ে ৰাজ্যিক সভাপতিৰ নিৰ্দেশকো অগ্ৰাহ্য কৰিছিল। অৱশেষত সভাপতি মনোজ ধানোৱাৰৰ পৰামৰ্শ মৰ্মে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰা হয়।
আনহাতে বিহালী সমষ্টিৰ আম আদমী পাৰ্টিৰ পৰাজিত প্ৰাৰ্থী তথা পূৰ্বে আপৰ বিশ্বনাথ জিলাৰ উপ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা অনন্ত গগৈক তৎকালীনভাৱে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।