/asomiyapratidin/media/media_files/2025/05/01/iCBUYTZFeE3xOEWHe4NH.jpg)
ডিজিটেল সংবাদ, পলাশবাৰীঃ “আপকু”ৰ কেন্দ্ৰীয় কমিটিৰ পৰামৰ্শ অনুসৰি মঙলবাৰে কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত লংকেশ্বৰস্থিত দূৰ্গা মন্দিৰ সভাকক্ষত আপকুৱে ৩২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰে ৷ কাৰ্যসূচী অনুসৰি আপকুৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়নৰ লগতে বিভিন্ন ক্ষেত্ৰত সামাজৰ উন্নয়নৰ হকে কাম কৰা চাৰি গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে আপকুৰ এটি সজাতি দল চাৰিগৰাকী বিশিষ্ঠ ব্যক্তি ক্ৰমে- লংকেশ্বৰ দূৰ্গা মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি প্ৰশান্ত তালুকদাৰ (মুন), জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আলহাজ কুদ্ৰট আলী,আদৰ্শ কৃষক মাধৱ কলিতা আৰু কৃতি শিক্ষক অনিল কলিতাৰ ঘৰতগৈ সম্বৰ্ধনা জনায়৷ আপকুৰ ৩২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহন কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ৰতন কলিতা, কাৰ্যকৰি সভাপতি ধ্ৰুৱজ্যোতি কলিতা, উপ-সভাপতি ধনঞ্জয় কুমাৰ বৰ্মন, সম্পাদক অভিজিৎ কলিতা,সহঃসম্পাদক ৰিয়াজ আলী আৰু কেন্দ্ৰীয় প্ৰতিনিধি দুলন কলিতা ।