খালিস্তানী সকলৰ পূঁজি আৰু সমৰ্থনৰ বাবে পঞ্জাৱত আপে চৰকাৰ গঠন কৰাৰ অভিযোগ…

খালিস্তানী সকলৰ পূঁজি আৰু সমৰ্থনৰ বাবে পঞ্জাৱত আপে চৰকাৰ গঠন কৰাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
পঞ্জাৱৰ ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি হ’ব নিয়মীয়া….

ডিজিটেল ডেস্ক: সদ্যঘোষিত বিধানসভা নিৰ্বাচনত পঞ্জাৱত অতি ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় আম আদমী পাৰ্টিয়ে। প্ৰথম বাৰৰ বাবে পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আপে।

Advertisment

কিন্তু পঞ্জাৱ দখলৰ পাছতেই দলটোৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিখ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে। তেওঁলোকে দাবী কৰা অভিযোগ অনুসৰি আপে খালিস্তানি ভোট আৰু পূঁজিৰ ব্যৱহাৰ কৰি এই নিৰ্বাচনত জয়লাভ কৰিছে আপে।

এছএফজে ৰ জেনেৰেল কাউণ্সিল গুৰুপতৱন্ত সিং পান্নুনে পঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী ভগৱন্ত মানক সম্বোধন কৰি এখন পত্ৰত কয় যে "ভাৰতৰ পৰা পঞ্জাৱৰ স্বাধীনতাৰ বাবে এছএফজেৰ বিচ্ছিন্নতাবাদী গণভোটক সমৰ্থন কৰা পঞ্জাৱৰ খলিস্তান সকলৰ বাবে আপে নিৰ্বাচনত জয়লাভ কৰিছে। লগতে তেওঁ কয় যে বিদেশত থকা খালিস্তানী সকলৰ পৰা লাভ কৰা পূঁজি ব্যৱহাৰ কৰিছে আপে।

লগতে কয় যে "আপে সমগ্ৰ পঞ্জাৱত ভোট লাভ কৰিছে , বিশেষকৈ গ্ৰাম্য সমষ্টিৰ পৰা যিবোৰত আপে প্ৰচাৰ কৰা নাছিল । এই সমগ্ৰ কথা লিখি ভগৱন্ত মানলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিশেষ আহ্বানো জনাই এছএজে।

punjab aap