কংগ্ৰেছক বাদ! দিল্লীৰ নিৰ্বাচন অকলেই খেলিব আপে...

কংগ্ৰেছক বাদ! দিল্লীৰ নিৰ্বাচন অকলেই খেলিব আপে...

ডিজিটেল ডেস্কঃ অকলেই আগন্তুক বিধানসভা নিৰ্বাচনত নামিব আম আদমী পাৰ্টি। দিল্লীৰ বিধানসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে আপে। দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই কথা ঘোষণা কৰিলে আম আদমী পাৰ্টিৰ নেতৃত্বই।

আগন্তুক দিল্লীৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নাথাকে বুলি সদৰি কৰি আপ নেতা গোপাল ৰায়ে কয় যে, আগন্তুক দিল্লী নিৰ্বাচনত আমি অকলেই খেলিম। দিল্লীত আম আদমী পাৰ্টিৰ ভেটি অতিকৈ সুদৃঢ়, ইয়াৰোপৰি দলৰ কিছু আভ্যন্তৰীণ ৰণনীতিৰ বাবে আগন্তুক নিৰ্বাচনত আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছো।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ লোকসভা নিৰ্বাচনত দিল্লীৰ ৭খন আসনেই লাভ কৰিলে বিজেপিয়ে। আপ আৰু কংগ্ৰেছে মিত্ৰতাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কোনো সুফল নাপালে। আপে ৪খন আৰু কংগ্ৰেছে ৩খন আসনত খেলিছিল নিৰ্বাচন।

এইবেলি নিৰ্বাচনত দিল্লী বিজেপিয়ে অকলেই ৫৪.৩৫শতাংশ ভোট লাভ কৰিলে। ইয়াৰ বিপৰীতে দিল্লীত চৰকাৰ থকা আপে লাভ কৰিলে মাত্ৰ ২৪.১৭শতাংশ ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৮.৯১শতাংশ ভোট লাভ কৰে দিল্লীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in