পূৰ্ব কনিষ্টবল, আন্দোলনকাৰী, ৩৩ বছৰীয়া যুৱক হ'ব পাৰে গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন। আপে ইতিমধ্যে কেইবাখনো আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
পূৰ্ব কনিষ্টবল, আন্দোলনকাৰী, ৩৩ বছৰীয়া যুৱক হ'ব পাৰে গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

gopal

ডিজিটেল ডেস্ক: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দল এতিয়া ব্যস্ত গুজৰাটত নিৰ্বাচনী প্ৰচাৰত। ইয়াৰ মাজতে শুকুৰবাৰে আম আদমী পাৰ্টীয়ে ঘোষণা কৰিব গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।

Advertisment

গুজৰাট আৰক্ষীত কনিষ্টবল আৰু পিছত কেৰাণী হিচাপে কাম কৰা গোপাল ইটালিয়া গুজৰাটৰ আম আদমী পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক। ৩৩ বছৰীয়া গোপাল ইটালিয়াই ২০১৫ চনত হাৰ্দিক পেটেলৰ নেতৃত্বত হোৱা পাতিদাৰ আন্দোলনতো মুখ্য ভূমিকা পালন কৰিছিল। বৰ্তমান গুজৰাটত অৰৱিন্দ কেজৰিৱালৰ লগত ঘনিষ্ঠভাৱে কাম কৰি আছে তেওঁ। যাৰ বাবে গোপাল ইটালিয়া মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱণা আছে।

ইটালিয়াই ২০২০ চনত আপৰ সৈতে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত কেজৰিৱালে তেওঁক গুজৰাট আপৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়ে আৰু পাছত ৰাজ্যখনৰ আপৰ কাম কাজ তেওঁক দিয়া হয়।

যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেনক অপমান কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ইটালিয়াই শিৰোনাম দখল কৰিছিল। ইটালিয়াৰ এটা ভাইৰেল ভিডিঅ'ৰ ওপৰত আধাৰিত কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগে ইটালিয়াক দিল্লীলৈ মাতি পঠিয়াইছিল। তাতেতেওঁক দিল্লী আৰক্ষীয়ে জিম্মাত লৈছিল। অৱশ্যে তেওঁক তিনি ঘণ্টা পিছত মুকলি কৰি দিছিল।

উল্লেখ্য যে, ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন। আপে ইতিমধ্যে কেইবাখনো আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

election gujarat aap