Advertisment

আপৰ কাৰ্যালয়ত ৰাজ্যিক ভিত্তিত পঞ্চায়ত কৰ্মশালা অনুষ্ঠিত

উজনি, নামনি আৰু বৰাক উপত্যকাৰ জিলা সমূহৰ পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক আৰু তত্বাৱধায়ক সকলৰ বাবে অনুষ্ঠিত এই বিশেষ দলীয় কৰ্মশালাত দুই শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হয় পঞ্চায়ত কৰ্মশালাৰ। সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়লৈ দলৰ কৰ্মী সকলক সাজু হ'বলৈ নিৰ্দেশ দিছে আম আদমী পাৰ্টিয়ে। ।

Advertisment

উজনি, নামনি আৰু বৰাক উপত্যকাৰ জিলা সমূহৰ পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক আৰু তত্বাৱধায়ক সকলৰ বাবে অনুষ্ঠিত এই বিশেষ দলীয় কৰ্মশালাত দুই শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ, ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীৰ উপৰিও দলৰ শীৰ্ষস্থানীয় ৰাজ্যিক নেতৃবৃন্দই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে সমগ্ৰ ৰাজ্যজুৰি সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সমূহত দলৰ মনোনীত প্ৰাৰ্থী সকলৰ বিজয়ৰ বাবে এতিয়াৰ পৰাই ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ বাবে দলীয় কৰ্মী সকলক আহ্বান জনায়। কৰ্মশালাত ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া, সাধাৰণ সম্পাদক পুনম গগৈ, উপ সভাপতি অনুৰূপা ডেকাৰজা, সৌমিক সেনগুপ্ত, ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী মাছুমা বেগম, মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিংউপ্পল, গৱেষণা কোষৰ সমন্বয়ক লক্ষ্মীকান্ত ডুবে, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক তাৰিক চৌধুৰীয়েও গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

আনহাতে আজিৰ ৰাজ্যিক পঞ্চায়ত কৰ্মশালাত তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মকৰ্তা বিজয় তামাঙে আম আদমী পাৰ্টিত যোগদান কৰে।  বিজেপি ত্যাগ কৰি আপত যোগদান কৰা বিজয় তামাঙক দললৈ আদৰণি জনায় ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

আম আদমি পাৰ্টি আপ অসম