গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা আপৰ...

author-image
Asomiya Pratidin
New Update
গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা আপৰ...

ডিজিটেল ডেস্ক : ৰবিবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । গুজৰাটৰ মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা দলং হঠাতেই খহি পৰে নদীত । দুৰ্ঘটনাৰ সময়ত প্ৰায় ৪০০ ৰো অধিক লোক দলং খনৰ ওপৰত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে । নিশাৰে পৰাই চলাই যোৱা উদ্ধাৰ অভিযানৰ পাছত সোমবাৰে পুৱালৈ ৫০ জনৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতকৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যাই অধিক বুলিও জানিবলৈ পৰা গৈছে সংবাদ মাধ্যমৰ জৰিয়তে । আনহাতে, সন্দেহ কৰা হৈছে যে মৃতকৰ সংখ্যা ১৩০ জনৰো অধিক ।

Advertisment

এই দুৰ্ঘটনাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণৰ কথা ঘোষণা কৰাৰ পাছতেই বিজেপি চৰকাৰক লৈ সৰৱ হৈ উঠে বিৰোধী দলসমূহ । গুজৰাটৰ বিজেপি চৰকাৰৰ অৱহেলাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে ।

উল্লেখ্য যে, প্ৰায় ১০০ বছৰতকৈও পুৰণি এই ওলমা দলং খন ২৫ অক্টোবৰত পুনৰ মুকলি কৰি দিয়া হৈছিল দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত । তেনেস্থলত শাসনাধিষ্ঠ চৰকাৰৰ ওপৰত দলংখনৰ পুনৰ্নিমাণৰ দ্বায়িত্ব ন্যস্ত আছিল আৰু এই দুৰ্ঘটনাৰ পাছত চৰকাৰক প্ৰশ্ন কৰাটো স্বাভাৱিক ।

সমাগত গুজৰাট বিধানসভা নিৰ্বাচন । গুজৰাটৰ আঞ্চলিক দল সমূহৰ ওপৰিও বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে যুদ্ধ সদৃশ তৎপৰতাৰে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰত । বিগত নিশাৰ হৃদয়বিদাৰক দুৰ্ঘটনাৰ পাছত ১৩০ জনৰো অধিক লোকৰ মৃত্যুক নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে প্ৰচাৰত ব্যৱহাৰ কৰাটো হ'ব অত্যন্ত ঘৃণনীয় । এতিয়া প্ৰশ্ন হয়, বিজেপিৰ প্ৰতি উত্থাপন হোৱা প্ৰশ্নবোৰ মানৱীয়তাৰ খাতিৰত নে ৰাজনৈতিক মুনাফাৰ বাবে...

aap gujrat bjp