মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ তীব্ৰ প্ৰতিবাদ

মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ তীব্ৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: ৰাজ্যজুৰি চলি আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্য প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ সমান্তৰালকৈ আম আদমী পাৰ্টী দৰং জিলা সমিতিৰ উদ্যোগত আৰু মঙলদৈ ই-ৰিক্সা চালক সন্থাৰ সহযোগত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শুকুৰবাৰে এক প্ৰতিবাদ কায্যসুচি ৰূপায়ন কৰে।

হাতে হাতে প্লে কাৰ্ড লৈ দিল্লীত আপে বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ দৰে অসমতো বিনামূলীয়া কৰা, স্মাৰ্ট মিটাৰ বন্ধ কৰা আদি শ্লোগানেৰে মঙলদৈ গান্ধী ময়দান খেল পথাৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ লগতে বহু সংখ্যক আপৰ কৰ্মী আৰু ই-ৰিক্সা চালকসকলে।

মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ তীব্ৰ প্ৰতিবাদ
মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ জামালুদ্দিন আহমেদৰ দেহৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in