/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3fc6d2c8-d31d-4fb2-9e65-6ddc05329f98/SANJAY_SINGH_07.jpg)
SANJAY SINGH SANJAY SINGH
ডিজিটেল ডেস্কঃ আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে ফালিলে লেফেটেনেণ্ট গৱৰ্ণৰ বিনই কুমাৰ চাক্সেনাৰ মানহানি এখন জাননী। সংবাদ মেলতেই কেমেৰাৰ সন্মুখত সাংসদগৰাকীয়ে ফালিলে এই জাননী।
সংবাদ মেলখনত সঞ্জয় সিঙে জাননীখন ফালি কয়, "মই ভি কে চাক্সেনাক ক'ব বিচাৰো যে ভাৰতৰ সংবিধানে মোক সঁচা কথা কোৱাৰ অধিকাৰ দিয়ে। দেশৰ উচ্চ সংসদৰ সদস্য হিচাপে, মোৰ সঁচা কথা কোৱাৰ অধিকাৰ আছে। মই ৰ'বলৈ নাযাওঁ আৰু চোৰ আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে প্ৰেৰণ কৰা জাননীলৈ ভয় নকৰোঁ। মই এনে ধৰণৰ জাননী ১০ বাৰ ফালিব পাৰোঁ।
উল্লেখ্য যে, সুৰা নীতিক লৈ বিজেপি আৰু দিল্লীৰ আপ চৰকাৰৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই নীতিক লৈ সৃষ্টি হৈ থকাৰ মাজতে অভিযোগ প্ৰতি অভিযোগৰে সংবাদ মেল পাতি দল দুটাৰ মুখপাত্ৰসকলে মুখ চুপতি অব্যাহত ৰাখিছে।
এই সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বিজেপিৰ প্ৰতিটো সমালোচনাৰ প্ৰত্যুত্তৰ দি কৈছে যে, বিজেপিয়ে দীৰ্ঘদিন ধৰি চিঞৰি আহিছে যে সুৰাৰ কেলেংকাৰী হৈছে। কেতিয়াবা তেওঁলোকে এই কেলংকাৰী ১৩০০ কোটি টকাৰ, কেতিয়াবা ৮ হাজাৰ কোটি টকাৰ, কেতিয়াবা ৫০০ কোটি টকাৰ, কেতিয়াবা আকৌ ১৪৪ কোটি টকাৰ আৰু আন কেতিয়াবা ৩০ কোটি টকাৰ কেলংকাৰীৰ কথা কয়।
ইফালে বিজেপিৰ বহু বল্কী মুখপাত্ৰ সম্বিত পাত্ৰই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই সুৰাৰ নীতিৰ জৰিয়তে বহু পৰিমাণৰ ধন উপাৰ্জন কৰিছে বুলি দাবী কৰিছে। তেওঁ প্ৰশ্ন কৰিছে সুৰা ঠিকাদাৰৰ কমিছিন কিয় বৃদ্ধি কৰা হৈছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে।