হিন্দু ধৰ্ম সম্পৰ্কে বিৰূপ মন্তব্য কৰা দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰীৰ পদত্যাগ...

author-image
Asomiya Pratidin
New Update
হিন্দু ধৰ্ম সম্পৰ্কে বিৰূপ মন্তব্য কৰা দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰীৰ পদত্যাগ...

rajendra pal goutam

ডিজিটেল ডেস্কঃ ধৰ্মীয় আৱেগত আঘাত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পদত্যাগ কৰিলে দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে। উল্লেখ্য যে মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে শুকুৰবাৰে এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি হিন্দু ধৰ্মে সম্পৰ্কে বিৰূপ মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজেন্দ্ৰ পাল গৌতম দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ জল, পৰ্যটন, সংস্কৃতি, কলা আৰু ভাষা আদি বিভাগৰ মন্ত্ৰী আছিল।

Advertisment

মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম শনিবাৰে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। উল্লেখ্য যে ৰাজেন্দ্ৰ পাল গৌতমৰ বিতৰ্কিত মন্তব্যৰ আধাৰতে বিজেপিয়ে আপক সমালোচনাৰ লক্ষ্য কৰি লৈছিল আৰু দলটোক বিপদত পেলাবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছিল। বিজেপিৰ এনে ৰণ কৌশলৰ বিপৰীতে ৰাজেন্দ্ৰ পাল গৌতমে পদত্যাগ কৰাত এতিয়া বিজেপিৰ সেই ৰণকৌশল বিফল হৈছে।

delhi aap arvind kejriwal rajendra pal goutam