/asomiyapratidin/media/media_files/2025/08/04/new-ap-web-2-10-2025-08-04-20-45-28.jpg)
ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ গোচৰ অৱশেষত বন্ধ কৰিলে দিল্লীৰ আদালতে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জৈনৰ বিৰুদ্ধে কোনো প্ৰমাণ দাখিল কৰিব নোৱৰাত আদালতে তেওঁৰ বিৰুদ্ধে থকা এই গোচৰ বন্ধ কৰিলে।
ইয়াৰ পিছতেই এতিয়া পুনৰ এবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন উঠিছে সতেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থপিত অভিযোগ আছিল নেকি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত?
উল্লেখ্য যে, দিল্লী চৰকাৰৰ ভিজিলেন্স শাখাই পি ডব্লিউ ডি কনচালটেণ্ট নিযুক্তিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছিল। তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গোচৰটোৰ তদন্ত চলাই আছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
‘আমাৰ বিৰুদ্ধে ভুৱা গোচৰ দিয়াসকলক জেললৈ প্ৰেৰণ কৰিব নালাগেনে’?- কেজৰিৱালৰ প্ৰশ্ন
জৈনৰ বিৰুদ্ধে চলি থকা গোচৰৰ কোনো প্ৰমাণ নোপোৱাত আদালতে গোচৰটো বন্ধ কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁ এক্সৰ জৰিয়তে কয়, "আপ" নেতাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ মিছা। সময়ৰ লগে লগে সকলো ক্ষেত্ৰতে সত্য ওলাই পৰিব।
কেজৰিৱালে কয়, তেওঁলোকৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰি তেওঁলোকক জেললৈ পঠিওৱা হৈছিল। যিসকলে এই ভুৱা গোচৰ ৰুজু কৰিছিল আৰু যিসকল নেতাৰ নিৰ্দেশত এই ভুৱা গোচৰ ৰুজু কৰা হৈছিল, তেওঁলোকক সকলোকে জেললৈ প্ৰেৰণ কৰা উচিত নহয়নে বুলিও কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছে।
আৰু কি ক’লে কেজৰিৱালে?
আপৰ মুৰব্বীগৰাকীয়ে আৰু কয় আমাৰ ওপৰত দিনে নিশাই দুৰ্নীতিৰ বোকা চটিওৱা হৈছিল। আমাৰ পৰিয়ালবোৰে বহু কষ্ট পাব লগীয়া হ’ল, সেই সকলোবোৰৰ ক্ষতিপূৰণ কি হ’ব?
যেতিয়াই ইচ্ছা কৰিছিল তেতিয়াই ভুৱা গোচৰ ৰুজু কৰিছিল, যেতিয়াই ইচ্ছা কৰিছিল আমাক জেললৈ পঠিয়াইছিল, আৰু যেতিয়াই ইচ্ছা কৰিলে “ক্লজাৰ ৰিপ’ৰ্ট” দাখিল কৰিলে, এইয়া কেনেকুৱা ন্যায?
আপৰ নেতাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল বিজেপিয়ে !
আপৰ এগৰাকী নেতা অনুৰাগ ধনদাই দাবী কৰি কয় যে, "ভাৰতীয় জনতা পাৰ্টিয়ে আম আদমী পাৰ্টিৰ নেতাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল। তেওঁলোকে আপৰ নেতাসকলক বদনাম কৰিবলৈ চেষ্টা কৰি আহিছে আৰু মুকলিকৈ সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে। আজি এই কথা সম্পূৰ্ণৰূপে প্ৰমাণিত হৈছে।"
তেওঁ আৰু কয় যে এই গোচৰটো ২০১৯ চনত ৰুজু কৰা হৈছিল।এটা ভুৱা গোচৰ আছিল। ভাৰতীয় জনতা পাৰ্টিয়ে সংস্থাসমূহৰ অপব্যৱহাৰেৰে সেই গোচৰটো ছবছৰ ধৰি চলালে।
তেওঁলোকে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি কৈছিল বক্ৰ পথেৰে মানুহক নিযুক্তি দিয়া হৈছিল, টকা সংগ্ৰহ কৰা হৈছিল। কিন্তু আজি যেতিয়া গোচৰটো বন্ধ কৰাৰ কথা ঘোষণা কৰা হ’ল তেতিয়া সেই নিৰ্দেশত লিখা আছে যে কোনো ধৰণৰ দুৰ্নীতিৰ কোনো প্ৰমাণেই নাই।
তেওঁ আৰু কয়, ক্ষমতাৰ অপব্যৱহাৰৰো কোনো প্ৰমাণ নোলাল। ছবছৰ ধৰি বিজেপিয়ে সত্যেন্দ্ৰ জৈন আৰু আম আদমী পাৰ্টিৰ নেতাক মিছা গোচৰ জাপি দি বদনাম কৰি থাকিল।
অৰ্থাৎ চিবিআইৰ অপব্যৱহাৰেৰে ভুৱা কাহিনী আৰু ভুৱা গোচৰ ৰুজু কৰি আম আদমী পাৰ্টিৰ নেতাসকলক বদনাম কৰাটো বিজেপিৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল।