/asomiyapratidin/media/media_files/2025/02/03/MmVDLnBfWkMBGx9vllVp.jpg)
হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আপৰ
ডিজিটেল সংবাদ, গুৱাহাটী : দিল্লীৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গুণ্ডা বুলি আখ্যা দিয়াত গৰজি উঠিছে আম আদমি পাৰ্টী। এক বিবৃতিযোগে দলটোৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক উভতি ধৰে।
তত্বাৱধায়কগৰাকীয়ে কয় যে “দিল্লীৰ আটাইতকৈ ডাঙৰ গুণ্ডা হৈছে তেখেতৰ বচ। দিল্লীবাসীয়ে নিৰ্বাচনৰ সময়ত এনে গুণ্ডাগাৰ্ডিৰ সাক্ষী আগতে কেতিয়াও দেখা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বচৰ নিৰ্দেশত এনেদৰে প্ৰতিখন নিৰ্বাচনমুখী ৰাজ্যলৈ গৈ গুণ্ডাগাৰ্ডি আৰু ঘৃণা বিয়পায় দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ ভাষাই তেখেতৰ বিষয়ে কয় ‘চেলাৰ দৰে গুৰু হিচাপে।’
/asomiyapratidin/media/media_files/2025/02/03/IX9UW4diagI1wTI3PN23.jpg)
আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডা০ ভবেন্দ্ৰ চৌধুৰীয়েও হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে শালীনতা আৰু ৰাজ্যখনৰ মান- মৰ্যাদা ৰাখি কথা ক’লে ভাল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাহস আছে যদি কেজৰিৱালৰ দিল্লীবাসীৰ বাবে কৰা কামৰ ওপৰত প্ৰত্যুত্তৰ দিয়ক।
লগতে অৰবিন্দ কেজৰিৱালক তদন্তকাৰী সংস্থা ই ডি, চি বি আই আদিয়ে বহু চেষ্টা কৰিও দোষী সজাব নোৱাৰিলে বুলি ডা০ চৌধুৰীয়ে বিবৃতিযোগে উল্লেখ কৰে।