/asomiyapratidin/media/media_files/2025/02/11/r6ttidtXgc45daZ50Hcs.jpg)
দিল্লীৰ পাছত আপৰ হাতৰ পৰা যাব পাৰে পাঞ্জাৱো
ডিজিটেল ডেস্কঃ দিল্লীৰ পাছত আপৰ হাতৰ পৰা যাব পাৰে পাঞ্জাৱো। এই দাবী কৰিছে পাঞ্জাৱৰ বিজেপি আৰু কংগ্ৰেছৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাই। দৰাচলতে, ১১ফেব্ৰুৱাৰীত অৰবিন্দ কেজৰিৱালে পাঞ্জাৱত এখন জৰুৰী বৈঠকৰ আহ্বান কৰিছে। হঠাতে এই জৰুৰী বৈঠক আহ্বানক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ইফালে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দাবী কৰিছে যে, পাঞ্জাৱৰ বহুকেইগৰাকী বিধায়কে অচিৰেই দলত্যাগ কৰিব।
পাঞ্জাৱৰ আপৰ বিধায়কে দলত্যাগ কৰাৰ কথা ইতিমধ্যে জনাইছে কেজৰিৱালক। যাৰ পৰিপ্ৰেক্ষিতত ১১ফেব্ৰুৱাৰীত জৰুৰী বৈঠকৰ আহ্বান কৰিছে কেজৰিৱালে। ইফালে কংগ্ৰেছ আৰু বিজেপিৰ এই দাবীক ভিত্তিহীন আখ্যা দিছে আপৰ নেতৃত্বই।
কংগ্ৰেছৰ সাংসদ তথা পাঞ্জাৱৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী সুখবিন্দৰ সিং ৰান্ধাৱাই সোমবাৰে দাবী কৰিছিল যে, দিল্লীত শোচনীয় পৰাজয়ৰ পাছতে পাঞ্জাৱ আপত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিঁ। অচিৰেই আপৰ এটা বৃহত বিধায়কৰ দলে এৰিব আপৰ মজিয়া। ইতিমধ্যে অন্য দলৰ সৈতে যোগাযোগ কৰিছে এই বিধায়কসকলে।
ইফালে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা প্ৰতাপ বাজবাই দাবী কৰিছে যে, পাঞ্জাৱত আপৰ ৩০গৰাকী বিধায়কে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে। কংগ্ৰেছে গ্ৰীণ চিগনেল দিলেই তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাজু বুলি কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
বিজেপি নেতা ব্ৰীজভূষণ চৰণ সিঙেও পাঞ্জাৱ আপৰ আভ্যন্তৰত সৃষ্টি হোৱা কন্দলৰ কথা সদৰি কৰে। তেওঁ কয় যে, যিকোনো মূৰ্হুততে পাঞ্জাৱত আপৰ চৰকাৰ খহিঁব পাৰে। ইয়াৰ প্ৰমাণ আপোনালোকে কিছুদিনৰ ভিতৰতে পাব।
বিজেপি আৰু কংগ্ৰেছৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে আপে। আপৰ নেতাই এই বিষয়টোক লৈ স্পষ্টীকৰণ দি কয় যে, পাঞ্জাৱ আপত নাই কোনো কন্দল। অৰবিন্দ কেজৰিৱালে মাজে মধ্যে এনে বৈঠকৰ আয়োজন কৰি আমাক দিকদৰ্শন কৰে। কংগ্ৰেছ আৰু বিজেপিয়ে আপক লৈ ভুৱা প্ৰচাৰ চলাই ৰাজনৈতিক পৰিৱেশ অশান্ত কৰিব বিচাৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us