বিষ্ণু নিৰ্মলা ভৱনত আপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন

আপৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এই আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ বাতৰি সম্প্ৰচাৰ /পৰিবেশনৰ বাবে সাংবাদিকক আমন্ত্ৰণ জনাই দলটোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  মঙলবাৰে আম আদমী পাৰ্টিৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ১১ বজাৰ পৰা বিয়লি ৬ বজালৈকে বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আপৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এই আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ বাতৰি সম্প্ৰচাৰ /পৰিবেশনৰ বাবে সাংবাদিকক আমন্ত্ৰণ জনাই দলটোলে।

উল্লেখ্য যে,. আম আদমি পার্টি অসমৰ সৌজন্যত অনুষ্ঠিত প্রতিষ্ঠা দিৱসৰ কার্যসূচী সমূহ হৈছে- পুৱা ৯-৩০ বজাত পতাকা উত্তোলন পতাকা উত্তোলন কৰিব আপ অসমৰ সন্মানীয় ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় তত্বাবধায়ক শ্ৰী ৰাজেশ শর্মা আৰু ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ড° ভবেন চৌধুৰী।

পৰৱৰ্তী সময়ত বন্তি প্রজ্বলন, শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যার্পণ, সভাপতিৰ আসন গ্রহণ, সম্বর্দ্ধনা অনুষ্ঠান, শুভাৰম্ভণী অনুষ্ঠান পৰিবেশন (সমবেত সংগীত)আদৰনী ভাষণ প্রদান কৰিব আপ যুৱ শক্তিৰ সভাপতি শ্রী বাবুল বিকাশ চেতিয়াৰ লগতে সভাপতি শ্রী মনোজ ধানোৱাৰ,ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক ৰাজেশ শৰ্মাৰ লগতে দলৰ কেবাগৰাকী নেতৃত্বই। শেষত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ২ বজাত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ লগতে ৬ বজাত জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণী পৰিব।

আপ