/asomiyapratidin/media/media_files/2025/02/20/cBYJC9TZUtBZk2cljy5B.jpg)
ৰাজ্যৰ কৃষি ভূমি সংকোচনৰ নীতি প্ৰত্যাহাৰৰ দাবী 'আপ'ৰ
ডিজিটেল সংবাদ, গুৱাহাটী : "ৰাজ্যত বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত অতি আশ্চৰ্যজনকভাৱে হ্ৰাস পাইছে কৃষি ভূমিৰ পৰিমাণ ৷ কৃষি নিৰ্ভৰ অৰ্থনীতিৰ ৰাজ্যখনত কৃষি ভূমিৰ পৰিমাণ সংকুচিত হোৱাটো উদ্বেগজনক বিষয়।" ৰাজ্য চৰকাৰৰ ভুলনীতিৰ ফলত কৃষি ভূমি সংকোচনৰ বিষয়ত বৃহস্পতিবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সাংগঠনিক) ৰাজীব শইকীয়াই।
বৃহস্পতিবাৰে এক বিজ্ঞপ্তিত শইকীয়াই কয়- "২০১৬ - ২০১৭ বৰ্ষৰ পৰা ২০২২ - ২০২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনত ১৪,৪১২ হেক্টৰ কৃষি ভূমি সংকুচিত হৈছে ৷ ৰাজ্যখনৰ মুঠ ভৌগোলিক আয়তন হৈছে, ৭৮, ৪৩, ৮০০ হেক্টৰ ৷ ইয়াৰে ৩০, ৯৯, ৯৯৬ হেক্টৰ কৃষি ভূমি যোৱা সাত বছৰত সংকুচিত হৈছে ৷ ফলত ৰাজ্যৰ কৃষি উৎপাদন হ্ৰাস পাইছে। কৃষক সকল ক্ষতিগ্ৰস্ত হৈছে। "
আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক শইকীয়াই কয়, "কৃষকৰ কল্যাণৰ কথা কৈ ফুলজাৰি মাৰি ফুৰা অসমৰ বিজেপি চৰকাৰে কৃষি খণ্ডক ধ্বংস কৰিবলৈ গৈ আছে ৷ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিম বুলি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহিছিল।“
আপৰ ৰাজ্যিক নেতাগৰাকীৰ প্ৰশ্ন, "অসমৰ কৃষক ৰাইজক বিজেপি চৰকাৰে আৰু কিমান মিছা প্ৰতিশ্ৰুতি দিব? আমাক উদ্যোগীকৰণ আৰু অন্যান্য উন্নয়ণমূলক কাম লাগে, কিন্তু কৃষি উপযোগী মাটি সংকোচন কৰি কৰা উদ্যোগীকৰণ আৰু উন্নয়ণ আমাক নালাগে ৷ বিজেপি চৰকাৰৰ কাৰ্যকালতেই সৰ্বাধিক পৰিমাণৰ কৃষি ভূমিৰ সংকোচন হৈছে। "
ইয়াৰ উপৰি আপৰ ৰাজ্যিক নেতা ৰাজীৱ শইকীয়াৰ দাবী- ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত অসমত আপৰ চৰকাৰ প্ৰতিষ্ঠা হ'লে কৃষকৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিব ৷ কৃষি ভূমি সংকোচন কৰা কাৰ্যৰ পৰা আপৰ চৰকাৰ আঁতৰি থাকিব বুলি অংগীকাৰ প্ৰকাশ কৰি শইকীয়াই কয়, 'কৃষকৰ আয় ৩ - ৪ গুণ বৃদ্ধি কৰিবৰ বাবে আপৰ চৰকাৰে বিজ্ঞানসন্মত কাৰ্য প্ৰণালী ৰূপায়ণ কৰিব ৷
কৃষকসকলৰ বাবে কৰিবলগীয়া আপৰ মৌলিক কামটোৱেই হ'ব - কৃষকৰ প্ৰতি ডৰা খেতিপথাৰত বছৰৰ ১২ মাহেই পানীৰ ব্যৱস্থা কৰা; যাতে কৃষকে সকলো মাহতে কৃষি কৰ্ম কৰিব পাৰে ৷ ইয়াৰ ফলত কৃষকৰ আয় ৩-৪ গুণ বৃদ্ধি হ'ব আৰু অসমৰ অৰ্থনীতি টনকিয়াল হ'ব ৷"