Advertisment

ঠিকাভিত্তিক স্বাস্থ্য কৰ্মীৰ সকলো দাবী শীঘ্ৰে পূৰণৰ দাবী আপৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত কৰ্মচাৰীসকলে দীর্ঘদিনে ভুগি থকা বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ৪ মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ধর্ণা কাৰ্যসূচীৰ ফলত অসমত স্বাস্থ্য সেৱা প্রায় অচল হৈ পৰাৰ লগতে হাজাৰ হাজাৰ ৰোগী চিকিৎসা তথা অন্যান্য সেৱাৰ পৰা বঞ্চিত হৈছে

author-image
Asomiya Pratidin
New Update
ঠিকাভিত্তিক স্বাস্থ্য কৰ্মীৰ সকলো দাবী শীঘ্ৰে পূৰণৰ দাবী আপৰ

ঠিকাভিত্তিক স্বাস্থ্য কৰ্মীৰ সকলো দাবী শীঘ্ৰে পূৰণৰ দাবী আপৰ

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত কৰ্মচাৰীসকলে দীর্ঘদিনে ভুগি থকা বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ৪ মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ধর্ণা কাৰ্যসূচীৰ ফলত অসমত স্বাস্থ্য সেৱা প্রায় অচল হৈ পৰাৰ লগতে হাজাৰ হাজাৰ ৰোগী চিকিৎসা তথা অন্যান্য সেৱাৰ পৰা বঞ্চিত হৈছে। বৃহস্পতিবাৰে এক বিবৃতিযোগে আপ, অসমৰ ৰাজ্যিক ভাৰপ্রাপ্ত সভাপতি ডা০ ভবেন চৌধুৰীয়ে এই পৰিস্থিতিত উদ্বেগ প্রকাশ কৰে আৰু অসম চৰকাৰক শীঘ্ৰে স্বাস্থ্য কর্মীসকলৰ সকলো ন্যায্য দাবী মানি লৈ স্বাস্থ্য সেৱা নিয়মীয়া কৰিবলৈ দাবী জনায়। 

Advertisment

উল্লেখ্য যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা চিকিৎসালয়ৰ লগতে আদর্শ চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্র, উপ-স্বাস্থ্য কেন্দ্র আদিৰ অতি ন্যূনতম দৰমহা তথা চাকৰিৰ কোনো নিশ্চয়তা নোহোৱাকৈ সেৱা আগবঢ়াই থকা ৰাজ্যৰ ২৪ সহস্রাধিক বিষয়া-কর্মচাৰীয়ে শংকা আৰু অনিশ্চয়তা মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। আম আদমি পার্টীয়ে স্বাস্থ্য সেৱাৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত এইসকল কর্মচাৰীক অস্থায়ী আৰু অনিশ্চয়তাৰ মাজত ৰখাটো বিজেপি চৰকাৰখনৰ জনসাধাৰণৰ প্রতি এক অন্যায় বুলি অভিহিত কৰিছে। 

উল্লেখযোগ্য যে অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই ৰাজ্যৰ প্রান্তে হাজাৰ হাজাৰ লোক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে। আপে স্বাস্থ্য সেৱাৰ এই অচলাবস্থা শীঘ্রে অৱসানৰ বাবে উদ্যোগ লোৱাৰ লগতে কর্মৰত সকলো ঠিকাভিত্তিক স্বাস্থ্য কর্মীৰ চাকৰি চর্তহীনভাৱে নিয়মীয়া কৰাৰ লগতে অন্যান্য সকলো সা-সুবিধা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

আপ অসম