Advertisment

“বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে”

ড° হীৰেণ গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সমৰ্থন আম আদমি পাৰ্টীৰ “বৰ্তমান প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটাক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে”: ডা° ভবেন চৌধুৰী

author-image
Asomiya Pratidin
New Update
বিৰোধী শক্তিক এক হোৱাৰ আহ্বান

বিৰোধী শক্তিক এক হোৱাৰ আহ্বান

ডিজিটেল ডেস্ক:  পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ ২ মাৰ্চত গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত আপৰ সক্ৰিয় জিলা সমূহৰ সভাপতি সকলৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীৰ লগতে ৰাজ্যিক নেতৃত্ব উপস্থিত থকা বৈঠকত পঞ্চায়ত আৰু স্বায়ত্ত্বশাসিত পৰিষদ নিৰ্বাচনৰ ৰূপৰেখাৰ সন্দৰ্ভত আলোচনা হয়৷

Advertisment

বৰ্তমান প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটাক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে৷ আপে যদিও এক সবল যুঁজ আগবঢ়াব পাৰিব কিন্তু বিজেপিক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ সকলোৰে সহায় নিশ্চয় প্ৰয়োজন হ’ব বুলি মন্তব্য কৰে আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি তথা ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডা° ভবেন চৌধুৰীয়ে।

ইফালে  ড° হীৰেণ গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আম আদমি পাৰ্টীয়ে৷ আনহাত বিজেপিক দিল্লী নিৰ্বাচনৰ প্ৰত্যুত্তৰ আম আদমি পাৰ্টীয়ে অসমত দিব বুলি সদৰী কৰে উঃপূঃৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই ৷ 

আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টী সাজু হৈছে বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে দলটোৰ নেতৃত্বই৷ সংবাদমেলত ৰাজ্যিক উপসভাপতি অনুৰূপা ডেকাৰজা, সাংগঠনিক সম্পাদক ৰাজীৱ শইকীয়া, ৰাজ্যিক নেতৃত্ব আৰু জিলা সভাপতিসকল উপস্থিত থাকে৷

aap aap assam aam aadmi party aam aadmi party assam AAP Assam press conference AAP press meet aap pressmeet AAP meeting