আমি মুখ চুপতি নামাৰো, ফলাফল বিজেপিৰ পক্ষত গ'লে উত্তৰ দিব লাগিব ভুপেন বৰাই...

আমি মুখ চুপতি নামাৰো, ফলাফল বিজেপিৰ পক্ষত গ'লে উত্তৰ দিব লাগিব ভুপেন বৰাই...

ডিজিটেল ডেস্কঃ অসমত আমি নিৰ্বাচন খেলিছো, কংগ্ৰেছেও তাত প্ৰাৰ্থী দিছে। কিন্তু আলোচনা মৰ্মে তাত এজন প্ৰাৰ্থী দিয়াৰ কথা আছিল। কিন্তু সেয়া নহল। যদি ফলাফল বেয়া হয় বা বিজেপি পক্ষত যায় তেন্তে নিশ্চয় বিৰোধী ঐক্য মঞ্চৰ সভাপতি গৰাকীয়ে সেই দায়িত্ব লব লাগিব, তেও সেই উত্তৰ ৰাইজক দিব লাগিব।" এই মন্তব্য আপৰ ৰাজ্যকি সভাপতি ভৱেন চৌধুৰীৰ।

কালি নিশা বিশ্বনাথৰ আপৰ কাৰ্যালয়ত উপস্হিত থকা ৰাজ্যিক সভাপতি গৰাকীয়ে আনকি বিজেপিক হৰুৱাৰ স্বাৰ্থত অসমত বিৰোধী ঐক্য মঞ্চৰ বহুবাৰ আলোচনা হয় অসমৰ ১৪ খন আসনৰ ১৩ খন আসন যদি লয় তেন্তে ইমানদিনে কি আলোচনা কৰিলে বুলিও প্ৰশ্ন কৰে। তেও কয় যে অকল আম আদমী পাৰ্টিৰ দায়িত্ব নহয় বিজেপিক শাসনৰ পৰা আতৰাই ৰখাৰ। যদি এই দায়িত্ব সকলোয়ে বুজাপৰা কৰি পালন কৰে তেন্তে এইবাৰ বিজেপি আঁতৰ হব বুলি উল্লেখ কৰে।

ইফালে আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আপে বিজেপি দলৰ দৰে মুখচুপতি নামাৰে বুলি উল্লেখ কৰি কয় যে আপে কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নিৰ্বাচন খেলা নাই। আপে ৰাইজৰ হৈ নিৰ্বাচন খেলিছে। আপ আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত পাৰ্থক্য আছে । বিজেপি দলে যোৱা তিনিদিন ধৰি ঘণ্টাৰ মুৰে মুৰে মুখ চুপতি মাৰি আছে মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি গৰাকীয়ে। কিন্তু তাৰপৰা ৰাইজৰ কোনো লাভ নহয় বুলি মন্তব্য কৰে।

ইফালে শোণিতপুৰৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই কয় যে বিৰোধী ঐক্য মণ্চৰ সভাপতিয়ে ১৩ খন আৰু সম্পাদকে ১ খন আসন লৈছে। গতিকে বিৰোধী ঐক্য মঞ্চ কোনে ভাঙিব, কোনে বিজেপিক সহায় কৰিব বিচাৰিছে সেয়া ওলাই পৰিছে। বিজেপি যদি লাভাম্বিত হয় তাৰ বাবে বিৰোধী ঐক্য মঞ্চৰ সভাপতি সম্পাদক তাৰ বাবে প্ৰত্যক্ষ দায়ি হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে কালি নিশা এই কাৰ্যালয়তে ৰাজ্যিক সভাপতিৰ ওচৰত কংগ্ৰেছ দলৰ কেইবাজনো সদস্যই আপত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in